নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SIR প্ৰক্ৰিয়াক বৈধ স্বীকৃতি উচ্চতম ন্যায়ালয়ৰ

বিশেষ গভীৰ পুনৰীক্ষণ Special Intensive Revision (SIR)ক লৈ উচ্চতম ন্যায়ালয়ে বুধবাৰে (২৭ মে’) এক গুৰুত্বপূৰ্ণ ৰায় ঘোষণা কৰে। উচ্চতম ন্যায়ালয়ে কয় যে SIR প্ৰক্ৰিয়াত কোনো ধৰণৰ খুঁত নাই। ন্যায়ালয়ে মন্তব্য কৰে যে “নিৰ্বাচন আয়োগে নিজৰ ক্ষমতাৰ ভিতৰত থাকিয়েই ক্ষমতা প্ৰয়োগ কৰিছে, ইয়াৰ বাহিৰলৈ যোৱা নাই। সমগ্ৰ প্ৰক্ৰিয়াক অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰি।” মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বেঞ্চে এই ৰায় প্ৰদান কৰে।

উচ্চতম ন্যায়ালয়ে বিহাৰত নিৰ্বাচন আয়োগে আৰম্ভ কৰা ভোটাৰ তালিকাৰ ‘বিশেষ গভীৰ পুনৰীক্ষণ’ (SIR) প্ৰক্ৰিয়াক বাহাল ৰাখিছে। ন্যায়ালয়ে স্পষ্ট কৰে যে সাধাৰণ ভোটাৰ তালিকা সংশোধনৰ প্ৰক্ৰিয়াৰ পৰা পৃথক হ’লেও কেৱল সেই কাৰণতেই SIRক অবৈধ বুলি বাতিল কৰিব নোৱাৰি। আদালতে SIRক এক বৈধ আৰু সাংবিধানিক প্ৰক্ৰিয়া বুলি স্বীকৃতি দিয়ে। লগতে কয়, “এই প্ৰক্ৰিয়া আইনগতভাৱে বৈধ।”

ন্যায়ালয়ে কয়, “আমাৰ মতে SIR চলাকালীন লোৱা পদক্ষেপসমূহ প্ৰয়োজন অনুসৰি আছিল। ভোটাৰসকলৰ ওপৰত নিজকে প্ৰমাণ কৰাৰ বোজা দিয়া হৈছে বুলি যি যুক্তি দিয়া হৈছিল, আমি সেয়া মানি নলওঁ। যদি কোনো ব্যক্তি নিজৰ পুৰণি বাসস্থানৰ পৰা আন ঠাইত বাস কৰে, তেতিয়াও তেওঁ পুৰণি প্ৰক্ৰিয়া (SIR)ৰ পৰা বাহিৰ হৈ নাযায়। তেওঁৰ বা তেওঁৰ পৰিয়ালৰ নাম পুৰণি SIRত থাকিব। সেয়ে SIRত নাম কটা নিয়মবহিৰ্ভূত বুলি ক’ব নোৱাৰি।”

আদেশত উচ্চতম ন্যায়ালয়ে আৰু কয়, “নিৰ্বাচন আয়োগে নথিপত্ৰৰ বিশ্বাসযোগ্যতাৰ ওপৰত ভিত্তি কৰি ভোটাৰ তালিকাত স্থান দিছে। ইয়াক খামখেয়ালী সিদ্ধান্ত বুলি ক’ব নোৱাৰি। SIRৰ উদ্দেশ্য কেৱল মানুহক বাদ দিয়া আছিল বুলি ক’ব নোৱাৰি। যদি নথিপত্ৰ সঠিক নহয় বুলি মনে হয়, তেন্তে নিৰ্বাচন আয়োগে ভোটাৰ তালিকাত স্থান দিবলৈ অস্বীকাৰ কৰিব পাৰে। ইয়াৰ অৰ্থ এই নহয় যে নিৰ্বাচন আয়োগে নাগৰিকত্ব নিৰ্ধাৰণ কৰি আছে।”

উচ্চতম ন্যায়ালয়ে কয়, “আমাৰ সিদ্ধান্ত অনুসৰি SIR সংবিধান আৰু RP Actৰ মানদণ্ডত উত্তীৰ্ণ হৈছে। ই এক বিস্তৃত কাম, সেয়ে নিৰ্বাচন আয়োগৰ নিয়ম আৰু প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰাৰ অধিকাৰ আছে। নিৰ্বাচন আয়োগে নাগৰিকত্ব নিৰ্ধাৰণ নকৰে। অৱশ্যে সন্দেহজনক বিষয়সমূহ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব পাৰে।”

এই বিষয়ত দীৰ্ঘ শুনানিৰ পাছত বেঞ্চে এই বছৰৰ আৰম্ভণিতে ৰায় সংৰক্ষিত ৰাখিছিল। আবেদনকাৰীসকলে নিৰ্বাচন আয়োগে আৰম্ভ কৰা SIR প্ৰক্ৰিয়াৰ বৈধতাক প্ৰত্যাহ্বান জনাইছিল। তেওঁলোকৰ যুক্তি আছিল যে, এই সংশোধনী প্ৰক্ৰিয়া সংবিধানৰ অনুচ্ছেদ ৩২৬, Representation of the People Act, 1950 আৰু তাৰ অধীনত তৈয়াৰ কৰা নিয়মসমূহৰ অধীনত নিৰ্বাচন আয়োগক দিয়া ক্ষমতাৰ বহু ওপৰলৈ গৈছে।

বিতৰ্কৰ মূল বিষয় আছিল নিৰ্বাচন আয়োগৰ সেই চর্ত, যাৰ অধীনত ২০০২ (কিছুমান ৰাজ্যত ২০০৩) চনৰ ভোটাৰ তালিকাত নাম নথকা ভোটাৰসকলে এতিয়া নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব। ইয়াৰ বাবে তেওঁলোকে তেতিয়াৰ ভোটাৰ তালিকাত নাম থকা কোনো ব্যক্তিৰ সৈতে নিজৰ পৈতৃক সম্পৰ্ক প্ৰমাণ কৰিব লাগিব।

ডিজিটেল ডেস্ক, ২৭ মে’

You might also like