নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি সৰ্বোচ্চ ন্যায়ালয়ত পৱন খেৰাৰ আবেদনৰ শুনানি

কংগ্ৰেছ নেতা পৱন খেৰাৰ জামিন আবেদনক কেন্দ্ৰ কৰি আজি ছুপ্ৰিম কৰ্টত গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হ’ব।

ইতিপূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে খেৰাৰ জামিন আবেদন নাকচ কৰিছিল। সেই ৰায়ক প্ৰত্যাহ্বান জনাই খেড়াই সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

এই আবেদনটো আজি ন্যায়াধীশ জে কে মহেশ্বৰীৰ আদালতত শুনানি হ’ব। শুনানিত খেৰাৰ পক্ষত জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে যুক্তি দৰ্শাব।

আনহাতে, অসম চৰকাৰৰ হৈ আদালতত উপস্থিত থাকিব জ্যেষ্ঠ অধিবক্তা তুষাৰ মেহতা।

উল্লেখ্য যে অসমৰ নিৰ্বাচনৰ আগে আগে এখন সংবাদ মেলত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সম্পত্তি, তথা তেওঁক কিছু মন্তব্য কৰিছিল পৱন খেৰাই। তাৰ পিছতে আইনৰ দ্বাৰস্থ হৈছিল পৱন খেৰা।

এই শুনানিক লৈ ৰাজনৈতিক মহলত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে, আৰু আদালতৰ ৰায়ৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।

ডিজিটেল ডেস্ক, ৩০ এপ্ৰিল

You might also like