লিভ ইন সংগীৰ দেহ ৫০ টুকুৰা কৰিলে প্রেমিকে
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ নৱেম্বৰঃ দেশৰ ৰাজধানী দিল্লীৰ শিহৰণকাৰী শ্রদ্ধাকাণ্ডৰ পুনৰাবৃত্তি এইবাৰ ঝাৰখণ্ডত ‘লিভ ইন সংগী’ক মাতি আনি ডিঙি চেপি হত্যা কৰাৰ পিছত দেহ ৫০ টুকুৰা কৰি অৰণ্যত পেলাই দিয়াৰ অভিযোগ উঠিলে ঝাৰখণ্ডৰ এজন যুৱকৰ বিৰুদ্ধে৷ ৰাজ্যখনৰ খুঁটি জিলাত সংঘটিত হৈছে এই শিহৰণকাৰী হত্যাকাণ্ড৷ অভিযুক্তৰ নাম নৰেশ বেঙৰা৷ নৰেশক গ্রেপ্তাৰ কৰা হৈছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি ঝাৰখণ্ডৰ খুঁটি জিলাৰ জৰিয়াগড় থানা অঞ্চলৰ বাসিন্দা নৰেশ৷ কর্মসূত্রে নৰেশ তামিলনাডুত বাস কৰে৷ তামিলনাডুত এখন মাংসৰ দোকানত কাম কৰিছিল নৰেশে৷ তামিলনাডুত থকাৰ সময়তে এজনী তৰুণীৰ সৈতে ‘লিভ ইন’ সম্পর্ক গঢ়ি তোলে নৰেশে৷ যোৱা দুবছৰ ধৰি তেওঁলোক একেলগেই আছিল৷ শেহতীয়াকৈ ঝাৰখণ্ডৰ নিজৰ গাঁও জোৰদাগড় বাসগৃহলৈ উভতি আহে নৰেশে৷ গাঁৱলৈ উভতি আহি পৰিয়ালৰ পছন্দ অনুসৰি এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয় নৰেশ৷ নতুন পত্নীৰ সৈতে নিজৰ ‘লিভ ইন’ সম্পর্কৰ কথা যিদৰে গোপন কৰিছিল সেইদৰে ‘লিভ ইন সংগী’ক বিয়াৰ কথা জনোৱা নাছিল নৰেশে৷ নৱবিবাহিতা পত্নীক গাঁৱৰ বাসগৃহত থৈ পুনৰ কর্মস্থলীলৈ উভতি যায় নৰেশে৷ তদন্তত আৰক্ষীয়ে জানিবলৈ সক্ষম হৈছে যে তামিলনাডুত উপস্থিত হোৱাৰ পিছতে নৰেশক বিয়াৰ বাবে চাপ দিবলৈ ধৰে ‘লিভ ইন সংগী’–এ৷ আনকি ঝাৰখণ্ডৰ নিজৰ বাসগৃহলৈ তৰুণীয়ে লগত লৈ যোৱাৰ বাবে নৰেশক আবদাৰ কৰিবলৈ ধৰে৷ ঝাৰখণ্ডলৈ ওভতাৰ বাবে ‘লিভ ইন সংগী’–এ ইতিমধ্যে প্রস্তুতি চলায়৷ যোৱা ৮ নৱেম্বৰত তৰুণীজনীক ঝাৰখণ্ডলৈ লৈ আহে নৰেশে৷ কিন্তু গাঁৱৰ বাসগৃহলৈ লৈ যোৱাৰ পৰিৱর্তে তৰুণীজনীক এক অৰণ্য অঞ্চললৈ লৈ যায়৷ অভিযোগ অনুসৰি অৰণ্যৰ ভিতৰত তৰুণীজনীক ডিঙি চেপি হত্যা কৰে নৰেশে৷ তাৰ পিছত দেহ লুকাবলৈ টুকুৰা টুকুৰ কৰে৷ তৰুণীজনীৰ মৃতদেহ ৫০ টুকুৰা কৰি অৰণ্যৰ ইফালে সিফালে চতিয়াই দি নৰেশে ঘৰলৈ ওভতে৷ বিষয়টো পোহৰলৈ আহে যোৱা ২৪ নৱেম্বৰত৷ অৰণ্যৰ ওচৰতে নৰেশৰ গাঁও৷ ২৪ নৱেম্বৰৰ পুৱা গাঁওবাসীয়ে প্রত্যক্ষ কৰে যে এটা কুকুৰে মুখত এখন কটা হাত লৈ আহিছে৷ এই দৃশ্য গাঁওবাসীয়ে দেখাৰ লগে লগে হুলস্থূল আৰম্ভ হয়৷ লগে লগে আৰক্ষীক খবৰ দিয়া হয়৷ আৰক্ষীয়ে অৰণ্যত অনুসন্ধান চলাই এটা বেগৰ ভিতৰত তৰুণীৰ দেহৰ কেইবাটাও অংশ লাভ কৰাৰ উপৰি ইয়াৰ সমীপতে সিঁচৰতি হৈ থকা বিভিন্ন অংগৰ টুকুৰা প্রত্যক্ষ কৰে৷ উল্লেখনীয় যে অৰণ্যত তৰুণীৰ আধাৰকার্ড উদ্ধাৰ হোৱাৰ পিছতে ইয়াৰ জৰিয়তে হত্যাকাৰী নৰেশক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী৷