অষ্ট্ৰেলিয়াত ৩০ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ ভাৰত-প্ৰধানমন্ত্ৰী একাদশৰ মেচ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ নৱেম্বৰঃ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪ত প্ৰথমখন মেচ খেলিব নোৱাৰিলে আৰু এতিয়া তেওঁ টীম ইণ্ডিয়াত যোগদান কৰিছে। কালি অষ্ট্ৰেলিয়াৰ সংসদত তেওঁ বহু বিষয়ত ভাষণ দিয়ে। প্ৰথমখন টেষ্টত ভাৰতে ২৯৫ ৰানত জয়লাভ কৰাত উল্লাসিত অনুভৱ কৰিছে ৰোহিতে। ইয়াৰ উপৰি তেওঁ অষ্ট্ৰেলিয়াৰ সংস্কৃতি আৰু দেশখনৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে। উল্লেখ্য যে ভাৰত বনাম প্ৰধানমন্ত্ৰী একাদশৰ অনুশীলন মেচ ৩০ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলা সন্দৰ্ভত ৰোহিত শৰ্মাই কয়, “আমি অষ্ট্ৰেলিয়াত সফলতা অৰ্জন কৰিছো আৰু শেহতীয়াকৈ টেষ্টত জয়ী হৈছোঁ। আমি এই গতি বজাই ৰাখিব বিচাৰো, কিন্তু একে সময়তে আমি ইয়াৰ পৰিৱেশ উপভোগ কৰিব বিচাৰো। আশাকৰোঁ আমি আমি সক্ষম হ’ম। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ অনুৰাগীসকলক সম্পূৰ্ণৰূপে মনোৰঞ্জন দিবলৈ আৰু অহা কেইসপ্তাহমানৰ ভিতৰত ইয়ালৈ অহাটো এক সন্মানৰ কথা।’ ইয়াৰ পূৰ্বে ভাৰতীয় দল আৰু প্ৰধানমন্ত্ৰীৰ একাদশ দলৰ সকলো খেলুৱৈয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজক সাক্ষাৎ কৰিছিল। এন্থনীয়ে এজন এজনকৈ ভাৰতীয় খেলুৱৈসকলক সাক্ষাৎ কৰাৰ লগতে তেওঁলোকৰ মংগলৰ বিষয়েও সোধা-পোছা কৰে। অষ্ট্ৰেলিয়াৰ সংসদত দিয়া ভাষণত হিটমেনে সুখ প্ৰকাশ কৰি কয় যে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলাটো এক গৌৰৱৰ বিষয়। অহা ৬ ডিচেম্বৰৰ পৰা এডিলেইডত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বিতীয়খন টেষ্ট পিংক বল টেষ্ট।