নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতম ন্যায়ালয়ৰ দুৱাৰ গৰকিলে হাথৰাছ কাণ্ডই

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জুলাইঃ হাথৰাছৰ ভোলে বাবাৰ সৎসংগত সংঘটিত পদপিষ্টৰ ঘটনাই উচ্চতম ন্যায়ালয়ৰ দুৱাৰ গৰকিছে। উচ্চতম ন্যায়ালয়ে ১২ জুলাইত এই বিষয়ত শুনানি গ্ৰহণ কৰিবলৈ সন্মত হয়। মুখ্য ন্যায়াধীশে এই গোচৰৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা দিছে। যোৱা ২ জুলাইত উত্তৰ প্ৰদেশৰ হাথৰছত ভোলে বাবাৰ সৎসংগত সঘটিত হৈছিল এক ভয়াবহতা। এই সময়ছোৱাত ১২১জন লোকৰ মৃত্যু হয়। এই বিষয়ৰ তদন্তৰ বাবে উত্তৰপ্ৰদেশৰ যোগী চৰকাৰে এছ আই টি গঠন কৰিছে। হাথৰাছ ষ্টেম্পেড গোচৰৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিয়েও যোগী চৰকাৰক প্ৰতিবেদন দাখিল কৰিছে। এই ক্ষেত্ৰত এছ আই টিয়ে হাথৰাছৰ ডি এম আশীষ কুমাৰ আৰু এছ পি নিপুন আগৰৱালা আৰু সৎসংগৰ অনুমতি দিয়া এছ ডি এম আৰু চি অ’ৰ বক্তব্যও লিপিবদ্ধ কৰিছে। ইয়াৰ উপৰিও সৎসংগত কৰ্তব্যৰত আৰক্ষীকে ধৰি বহু লোকৰ বক্তব্যও লিপিবদ্ধ কৰা হৈছে। সূত্ৰৰ মতে, প্ৰতিবেদনত সৎসংগ আয়োজন কৰা কমিটীয়ে অনুমতিতকৈ অধিক লোকক মাতি অনা, পৰ্যাপ্ত ব্যৱস্থা নকৰাৰ লগতে অনুমতি দিয়াৰ পিছতো বিষয়াসকলে স্পটটো পৰিদৰ্শন নকৰাৰ ওপৰত সৎসংগ আয়োজন কৰা কমিটীয়ে এই কাণ্ডৰ দায়িত্ব গ্ৰহণ কৰিছে। এই হুলস্থুলৰ আঁৰৰ ষড়যন্ত্ৰ নুই কৰিব নোৱাৰি বুলি এছ আই টিয়ে নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে। এই বিষয়ত পুংখানুপুংখ তদন্তৰ প্ৰয়োজন। আয়োজক সকলৰ অৱহেলাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকলে এই অনুষ্ঠানটোক গুৰুত্বসহকাৰে লোৱা নাছিল, আনকি জ্যেষ্ঠ বিষয়াসকলকো ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য দিয়া হোৱা নাছিল। ২ জুলাইত হাথৰাছৰ ভয়াবহতা সন্দৰ্ভত স্থানীয় চিকন্দ্ৰৰাউ আৰক্ষী থানাত এফআইআৰ ৰুজু হৈছিল। অৱশ্যে ইয়াত অভিযুক্ত হিচাপে ভোলে বাবাৰ নাম লিপিবদ্ধ হোৱা নাই। ষ্টেম্পেড কাণ্ডৰ পিছত পলাতক হৈ আছে ভোলে বাবা। তেওঁৰ শেষ স্থান পোৱা গৈছিল মইনপুৰী আশ্ৰমত। ইয়াৰ পিছত তেওঁৰ ফোনটো চুইচ অফ হৈ গ’ল। শেহতীয়াকৈ ভোলে বাবাই এই ঘটনাক লৈ শোক প্ৰকাশ কৰি এক বিবৃতি প্ৰকাশ কৰি এই দুৰ্ঘটনাৰ দোষীক ৰেহাই দিয়া নহ’ব বুলি কৈছিল।

You might also like