নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকবৰপুৰৰ নাম সলনিৰ ইংগিত উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মে’ : এলাহাবাদ হৈছে প্রয়াগৰাজ, মোগলচৰাই হৈছে দীনদয়াল উপাধ্যায় নগৰ, ফৈজাবাদ সলনি হৈছে অযোধ্যালৈ৷ ২০১৭ চনত উত্তৰ প্রদেশৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা বিভিন্ন চহৰৰ নাম সলনি কৰি আহিছে যোগী আদিত্যনাথ চৰকাৰে৷ এইবাৰ আকবৰপুৰৰ নাম সলনি কৰাৰ ইংগিত দিলে আদিত্যনাথে৷ এই পৰিৱর্তনৰ পক্ষত সৰৱ হৈ যোগী আদিত্যনাথে ক’লে যে ঔপনিৱেশিক ইতিহাস যেনেদৰে মচি পেলোৱা প্রয়োজন, সেইদৰে দৰকাৰ ঐতিহ্যক সন্মান কৰা আৰু সেইবাবে এইবাৰ আকবৰৰ দৰে মোগল সম্রাটৰ নাম এই অঞ্চলৰ নামৰ পৰা মচি পেলোৱা হ’ব৷ উল্লেখনীয় যে মুখ্যমন্ত্রী যোগী আদিত্যনাথে উত্তৰ প্রদেশৰ পৰা মুছলিম শাসনৰ ইতিহাস মচি পেলাবলৈ সংকল্প গ্রহণ কৰিছে৷

You might also like