নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষ্ট্রবেৰীৰ খেতিৰে চৌদিশে চর্চিত সর্থেবাৰীৰ কৃষক দম্পতী

প্রদীপ সৰকাৰ, জনিয়া

  বৰপেটা জিলাৰ ৪৬নং সৰুক্ষেত্রী বিধানসভা সমষ্টিৰ অন্তর্গত কাঁহ শিল্পনগৰী হিচাপে খ্যাত সর্থেবাৰীৰ নিকটৱর্তী কামাৰপাৰাৰ এগৰাকী শিক্ষিত দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকাৰ কৃষিৰ ক্ষেত্রত লোৱা বিশেষ ভূমিকাই সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ ইতিমধ্যে পৰমেশ্বৰে মেঘালয়ৰ উমিয়ামত কেন্দ্রীয় কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কর্মশালাত প্রথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱাত সুধীজনে পৰমেশ্বৰলৈ শুভেচ্ছ জ্ঞাপন কৰিছে৷ সর্থেবাৰী অঞ্চলৰ কানাৰপাৰাৰ উচ্চ শিক্ষিত দম্পতীয়ে জৈৱিক পদ্ধতিৰে কৃষিকর্ম কৰি অসমৰ লগতে ভাৰতবর্ষৰ বিভিন্ন ঠাইত সুনাম অর্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে কৃষিক্ষেত্রত এক বিপ্লৱৰ সূচনা কৰি বিশেষকৈ উত্তৰ–পূর্বাঞ্চলত জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হৈছে৷ মণিপুৰী ব্লেক ৰাইচ, কবি, গাজৰ, ক’লা গাজৰ, মৰিচ, সৰিয়হ, ইৰি ধানৰ পৰা ষ্ট্রবেৰীৰ খেতিলৈকে কৃষিকর্ম কৰি যথেষ্ট সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে উচ্চ শিক্ষিত দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকাই৷ সৰুক্ষেত্রী সমষ্টিৰ কামাৰপাৰা গাঁৱৰ উচ্চ শিক্ষিত দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকাই চাকৰি বিচাৰি হাবাথুৰি নাখাই কর্মস্পৃহা আৰু উদ্যম বুকুত বান্ধি কৃষিকর্মত নিজকে আত্মনিয়োগ কৰি আহিছিল বাবেই আজি সমাজৰ বাবে আদর্শ খেতিয়ক৷

উল্লেখ্য যে ৬ আৰু ৭ মার্চত মেঘালয়ৰ উমিয়ামত কেন্দ্রীয় কৃষি বিশ্ববিদ্যালয় (ইম্ফল) মণিপুৰ, উমিয়ামৰ উদ্যোগত উত্তৰ–পূর্বাঞ্চলক লৈ অনুষ্ঠিত কৃষি সম্পর্কীয় কর্মশালাত দক্ষতাৰ ভিত্তিত অসমৰ আদর্শ কৃষক পৰমেশ্বৰ ডেকাই প্রথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ উত্তৰ–পূর্বাঞ্চলৰ কৃষক, কৃষি বিভাগৰ ছাত্র–ছাত্রীক লৈ ‘বায়োকণ্ড্র’ল অৱ ক্রপ পেটছ এণ্ড ইনভেচিভেছ এণ্ড ইউটিলাইজেচন অৱ ইনভেষ্ট এছ ফুড ইন নর্থ ইষ্ট ৰিজি’ন অৱ ইণ্ডিয়া’ শীর্ষক কর্মশালাত কৃষক হিচাপে সর্থেবাৰীৰ কামাৰপাৰাৰ আদর্শ কৃষক পৰমেশ্বৰ ডেকাই অংশগ্রহণ কৰিছিল৷ উক্ত কর্মশালাত পৰমেশ্বৰ ডেকাই জৈৱিকভাৱে উৎপাদিত বেঙেনা আৰু ষ্ট্রবেৰীৰ খেতিৰ বিষয়ে বক্তব্য প্রদান কৰি উক্ত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷ এই পুৰস্কাৰত ড্রফী, প্রমাণ–পত্র, নগদ পাঁচ হাজাৰ টকা আৰু খেতিত ব্যৱহূত স্প্রে মেচিন আদি তেওঁক প্রদান কৰিছে কর্তৃপক্ষই৷ স্মর্তব্য যে যোৱা ৭ মার্চত অনুষ্ঠিত উক্ত বঁটা বিতৰণী সভাত উপস্থিত থাকে কেন্দ্রীয় কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰ কে সাহা, আৰ কে তাম্বিচানা দেৱী, এন বি সিং, প্রণৱ দত্তৰ লগতে বহুতো বিশিষ্ট লোক৷ প্রণিধানযোগ্য যে মুখ্যমন্ত্রীৰ কৃষক সন্মান বঁটাপ্রাপক পৰমেশ্বৰ ডেকাই পত্নীৰ সহযোগত এইবাৰ দুবিঘা ষ্ট্রবেৰী আৰু সূর্যমুখী ফুলৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ আশা কৰি অহর্নিশে কর্তব্য পালন কৰি আহিছে৷ ইপিনে যোৱা বছৰটোত পৰম–জয়া দম্পতীয়ে এবিঘা ষ্ট্রবেৰী খেতি কৰি যথেষ্ট লাভান্বিত হোৱা বুলি ব্যাপক চর্চা লাভ কৰিছিল৷ এইবেলিও দুবিঘা ষ্ট্রবেৰী খেতিৰ পৰা প্রায় চাৰি লাখ টকা উপার্জন কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছিল যদিও বতৰৰ পৰিৱর্তন আৰু পলমকৈ খেতি কৰাৰ বাবে প্রায় দুই লাখ টকা উপার্জন হ’ব বুলি অনুমান কৰিছে পৰমেশ্বৰ–জয়া যুটিয়ে৷ বিগত ২০১৯ বর্ষৰ ৪ ডিচেম্বৰত আৰম্ভ কৰা এই ষ্ট্রবেৰীৰ খেতি ফেব্রুৱাৰী মাহৰ পৰা বর্তমানলৈও বিক্রী কৰি আছে গডে ৩৫০–৪০০ টকা দৰত৷ সম্প্রতি ষ্ট্রবেৰী খেতিলৈ আহিও গ্রাহকে ষ্ট্রবেৰী ক্রয় কৰে বুলিও জানিবলৈ দিয়ে পৰম–জয়া দম্পতীয়ে৷ এইবেলি দুবিঘাত আঠ হাজাৰ ষ্ট্রবেৰী পুলি ৰোপণ কৰিছে কৃষক দম্পতীটোৱে৷

ইয়াৰ ভিতৰত চাৰি হাজাৰ পুলি বৰপেটা কৃষি বিভাগৰ পৰা যোগান ধৰাৰ কথা উল্লেখ কৰে ডেকাই৷ কৃষি বিভাগে যোগান ধৰা সূর্যমুখী ফুলৰ বীজ ষ্ট্রবেৰী খেতিৰ চাৰিওফালে ৰোপণ কৰিও সুফল পাবলৈ সক্ষম হৈছে ডেকা দম্পতীয়ে৷ উল্লেখ্য যে যোৱা বর্ষৰ ৪ৰ পৰা ১৩ নৱেম্বৰলৈ যোৰহাট কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত সর্বভাৰতীয় পর্যায়ৰ জৈৱিক পদ্ধতিৰ কৃষিকর্মৰ ওপৰত হোৱা এক আলোচনা–চক্রত অসমক প্রতিনিধিত্ব কৰিছিল আদর্শ কৃষক পৰমেশ্বৰ ডেকাই৷ বিভিন্ন সময়ত এই আদর্শ কৃষক দম্পতীয়ে দল–সংগঠনৰ পৰা বঁটা–সম্বর্ধনা লাভ কৰিবলৈও সক্ষম হৈছে৷ মুখ্যমন্ত্রীৰ কৃষক সন্মান বঁটা–২০১৭, সদৌ অসম সাংবাদিক সন্থা, সর্থেবাৰীৰ ভিক্টৰ গ্রুপ, এছিয়ান মিছন ইনষ্টিটিউট আৰু ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ মহিলা শিক্ষক গোট যুটীয়াভাৱে,বাঘবৰ প্রেছ ক্লাবৰ আছিফা স্মৃতি বঁটা–২০১৮, জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিষ্ঠান, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ মহিলা কোষ, বৰপেটা জিলা মানৱ অধিকাৰ সংগ্রাম সমিতি (মাছ), বৰপেটা জিলাৰ শ্রেষ্ঠ কৃষকৰ বঁটা–২০১৮–১৯ আদি বঁটা আৰু সম্বর্ধনা পাবলৈ সক্ষম হৈছে আদর্শ কৃষক দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞিয়ে৷ উল্লেখ্য যে এইবেলি ৮ মার্চত আন্তর্জাতিক নাৰী দিৱস উপলক্ষে কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীয়ে এগৰাকী সফল কৃষক নাৰী হিচাপে জয়া বৰগোহাঞি ডেকাক বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰিছে৷

You might also like