নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ দিব্যাংগ যুৱকৰ হাতৰ পৰশত প্রাণ পাইছে চিত্রশিল্পই

সর্বভাৰতীয় পর্যায়ত সোণৰ পদক লাভ বিটু বৰুৱাৰ

  • ববিতা ভৰালী, শিৱসাগৰ 

এজন দিব্যাংগ যুৱক ৷ দুচকুত অলেখ সপোন৷ তেওঁ নিজৰ পিতৃ–মাতৃৰ বাবে কৰিব বিচাৰে বিশেষ কিবা এটা৷ ঘাত–প্রতিঘাতেৰে মিশ্রিত জীৱনটোত সাহসেৰে আগুৱাই যাব বিচাৰে৷ নাম তেওঁৰ বিটু বৰুৱা৷ বিটু বৰুৱাৰ হাতৰ পৰশত জীৱন্ত হৈ ডঠে চিত্র, কথা কয় তেওঁৰ ছবিয়ে৷ শিৱসাগৰৰ গণকপট্টিৰ এটি ভাৰাঘৰত পিতৃ–মাতৃ আৰু দুজন জ্যেষ্ঠ ভাতৃৰ সৈতে বাস কৰে এই ডদ্যমী যুৱকজনে৷ জন্মগতভাৱে বিটুৰ দুয়োখন হাত বিসংগতিপূর্ণ৷ স্বাভাৱিক নহয় বিটুৰ দুয়োখন হাতৰ তলুৱাৰ অংশ৷ তথাপি প্রবল আত্মবিশ্বাসী আৰু সাহসী বিটু৷ ঈশ্বৰৰ প্রতি অগাধ বিশ্বাস এই দিব্যাংগ যুৱকজনৰ৷ নিচেই সৰুৰে পৰাই বিটু আছিল চিত্রাংকনৰ প্রতি প্রবল আগ্রহী৷ পুত্রৰ চিত্রাংকনৰ প্রতি থকা প্রবল ইচ্ছা দেখি পিতৃ–মাতৃয়ে বিটুক শিৱসাগৰৰ প্রতিভা চিত্রকলাত নামভর্তি কৰাই দিছিল৷ সেই সময়ত বিটু আছিল চতুর্থ শ্রেণীৰ ছাত্র৷ বিটুৰ পিতৃ যোগেন বৰুৱা পেছাত এজন গাডীচালক আৰু মাতৃ ৰূপা বৰুৱা এগৰাকী গৃহিণী৷

বিটুৰ পিতৃ যোগেন বৰুৱাই নিজ কষ্টোপার্জিত ধনেৰে তেওঁলোকৰ পাঁচজনীয়া পৰিয়ালটো পোহপাল দি আহিছে৷ বর্তমান সময়ত বস্তুৰ আকাশলংঘী দামত পাঁচজনীয়া পৰিয়াল চলোৱা পিতৃৰ কষ্ট দেখি বিটুৰ কিবা এটা কৰাৰ বাবে দুর্বাৰ হেঁপাহ, যাতে ডপার্জন কৰি পিতৃ তথা পৰিয়ালটোক আর্থিকভাৱে কিছু সকাহ দিব পৰা যায়৷ কিন্তু বিটুৰ দুয়োখন হাত কর্মোপযোগী নহয়, যাৰ বাবে বিটুৱে বহু ঠাইত বেচৰকাৰী অনুষ্ঠান–প্রতিষ্ঠানত্ চাকৰিৰ বাবে আবেদন কৰি বিমুখ হ’বলগাত পৰিছে৷ বিটুৱে জনোৱা মতে এতিয়ালৈকে চৰকাৰী কোনো ধৰণৰ সাহায্য লাভ কৰা নাই৷ চিত্রাংকনৰ প্রতি প্রবল আগ্রহী বিটুৱে ইতিমধ্যে ৰাষ্ট্রীয় পর্যায়ত লাভ কৰিছে সোণৰ পদক৷ শিৱসাগৰবাণিজ্য মহাবিদ্যালয়ৰ পৰা বিটুৱে ২০১৭ বর্ষত স্নাতক ডিগ্রী লাভ কৰিবলৈ সক্ষম হৈছে৷ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বর্ষৰ সামৰণী অনুষ্ঠানত মহাবিদ্যালয়ৰ সন্মুখৰ দেৱালত বিটুৱে অংকন কৰা স্বর্গদেড চাওলুং চুকাফাৰ চিত্রই মন মুহিছে পথচাৰীৰ৷ স্বাভাৱত অতি শান্ত বিটুৱে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্রান্তত অনুষ্ঠিত হোৱা চিত্রাংকন প্রতিযোগিতাত যথেষ্টসংখ্যক পুৰস্কাৰৰ লগতে শ্রেষ্ঠতা অর্জন কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ চিত্রাংকনৰ বাবে ইতিমধ্যে লাভ কৰিছে একোটাকৈ সোণৰ আৰু ৰূপৰ পদক৷

বিটু বৰুৱাই ইণ্ডিয়ান কাডঞ্চিল অৱ চাইল্ড ৱেলফেয়াৰৰ দ্বাৰা নতুন দিল্লীত অনুষ্ঠিত সর্বভাৰতীয় পর্যায়ৰ প্রতিযোগিতাত অংশগ্রহণ কৰি ক্রমে ২০০৮, ২০১০ আৰু ২০১৩ চনত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ ডল্লেখ্য যে ২০১৪ চনত কলিকতাত অনুষ্ঠিত নিখিল ভাৰত সংগীত সমিতিৰদ্বাৰা আয়োজিত চিত্রাংকন প্রতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ শিৱসাগৰৰ প্রতিভা এণ্ড চিত্রকলা নিকেতনৰ সঞ্চালিকা মুজিদা বেগমৰ একালৰ ছাত্র বিটু বৰুৱাই বর্তমান ডক্ত স্থানতেই শিক্ষক হিচাপে কর্মৰত হৈ আছে৷ সঞ্চালিকা মুজিদা বেগমে বিটু বৰুৱাক সম্পূর্ণ বিনামূলীয়াকৈ চিত্রাংকনৰ প্রশিক্ষণ দিয়াৰ বাবে বিটুৰ লগতে তেওঁৰ পিতৃ–মাতৃও তেওঁৰ ওচৰত চিৰকৃতজ্ঞ বুলি জানিবলৈ দিয়ে৷ আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাগ্রস্ততাই সফলতাৰ ক্ষেত্রত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে, এয়া প্রমাণ কৰি দেখুৱাইছে বিটু বৰুৱাৰ দৰে এজন স্ব–প্রতিভাশীল দিব্যাংগ যুৱকে৷

You might also like