নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন মন্ত্রী থানেশ্বৰ বড়ো অসুস্থ

ৰঙিয়াৰ হাস্পতালৰ আইচিইউত ভর্তি

নিয়মীয়া বার্তা, ২১ মার্চঃ প্রাক্তন মন্ত্রী তথা ৰঙিয়াৰ প্রাক্তন বিধায়ক থানেশ্বৰ বড়ো শুকুৰবাৰে হঠাৎ অসুস্থ হৈ পৰে ৷ লগে লগে তেওঁক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰোৱা হয় ৷ হৃদৰোগত আক্রান্ত বড়োক ততাতৈয়াকৈ আইচিইউত ভর্তি কৰে ৷ বর্তমান আইচিইউত চিকিৎসা আগবঢ়াই থকা বুলি হাস্পতাল কর্তৃপক্ষই জানিবলৈ দিয়ে ৷ যাৱতীয় চিকিৎসাৰ অন্তত বর্তমান তেওঁ বিপদমুক্ত বুলি জনায় ৷ ইপিনে প্রাক্তন শিক্ষামন্ত্রীগৰাকী অসুস্থ হোৱা বুলি জানিব পৰাত অসংখ্য গুণমুগ্ধই চিকিৎসালয়ত উপস্থিত হৈ খবৰ লয় ৷ কমলপুৰৰ বিধায়ক সত্যব্রত কলিতা, ৰঙিয়াৰ প্রাক্তন বিধায়ক অনন্ত ডেকা, কংগ্রেছৰ জ্যেষ্ঠ নেতা অপূর্ব ভট্টাচার্য, অগপ নেতা অর্ণৱ ভৰালীকে ধৰি বহুকেইগৰাকী নেতাই তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আশু আৰোগ্য কামনা কৰে ৷

You might also like