নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাঁৱৰ মিলিয়নাৰ মহিলা, গাখীৰ বিক্ৰী কৰি মাহেকত আয় কৰে ৩ লাখ

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ  গাঁৱৰ কোটিপতি মহিলা। গাঁৱত থাকিয়ে আয় কৰিছে কোটি টকা। সাধাৰণ দৃষ্টিত এয়া এক সপোন যেন লাগিলেও ই সঁচা। গুজৰাটৰ বনচকণ্ঠা জিলাৰ নাগানা গাঁৱৰ এগৰাকী বয়সস্থ মহিলাই কাৰ্যত কৰি দেখুৱাইছে এই আদৰ্শনীয় কাম।

৬২ বছৰীয়া এই মহিলাগৰাকী এগৰাকী পশুপালক। নাভালবেন দালচাংভাই চৌধাৰী নামৰ মহিলাগৰাকীয়ে আপদীয়া বছৰ ২০২০ বৰ্ষত বিক্ৰী কৰিছে অভিলেখসংখ্যক ১ কোটি ১০ লাখ টকাৰ গাখীৰ। ২০১৯ বৰ্ষতো তেওঁ ৮৭.৯৫ লাখ টকাৰ গাখীৰ বিক্ৰী কৰিছিল।

বনচকণ্ঠা অঞ্চলত জনপ্ৰিয় মহিলাগৰাকীয়ে কম খৰচতে পশুপালন আৰম্ভ কৰি বৰ্তমান ৮০টা ম’হ আৰু ৪৫ গাইগৰু পালন কৰিছে। প্ৰতিদিনে ইয়াৰ পৰা তেওঁ লাভ কৰে প্ৰায় ১০০০ লিটাৰ গাখীৰ।

জানিব পৰা মতে, প্ৰতিদিনে মহিলাগৰাকীয়ে ৩ লাখ ৫০ হাজাৰ টকাৰ গাখীৰ বিক্ৰী কৰে। পোহপাল দি আছে ১৫গৰাকী কৰ্মচাৰীক। এটা সাক্ষাৎকাৰক মহিলাগৰাকীয়ে কয়- ‘মোৰ সন্তান চাৰিটা। তেওঁলোকে চহৰত পঢ়া-শুনা কৰি থকাৰ লগতে কামো কৰে। কিন্তু মোৰ আয় তেওঁলোকতকৈ বহুগুণে বেছি।’

উল্লেখ্য, এগৰাকী ৬২ বছৰীয়া মহিলাই পশুপালনেৰে দেখুওৱা আদৰ্শৰ বাবে গুজৰাট চৰকাৰে তেওঁক লক্ষ্মী বঁটা আৰু শ্ৰেষ্ঠ পশুপালক বঁটাৰে সন্মানিত কৰিছে।

You might also like