নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যৌতুকৰ বাবে অন্তঃসত্ত্বা পত্নীক অত্যাচাৰ স্বামীৰ

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ পুনৰ যৌতুকৰ বাবেই সংঘটিত হৈছে এক জঘন্য ঘটনা। দীৰ্ঘদিন ধৰি পত্নীক যৌতুকৰ বাবে মানসিকভাৱে হাৰাশাস্তি কৰি শাৰীৰিক ভাৱে আক্ৰমণ কৰিলে পাষণ্ড স্বামীয়ে। গৰ্ভৱতী পত্নীকেই নহয় শাহুৱেককো আক্ৰমণ কৰিলে ৰাতুল দাস নামৰ যুৱকজনে।

উল্লেখ্য যে  বিবাহৰ মাত্র আঠমাহ নহওঁতেই যৌতুকৰ বাবে নানা অত্যাচাৰ চলাই আহিছিল স্বামী ৰাতুল দাসে। বিয়াৰ পিছতেই পত্নীক যৌতুকৰ বাবে শাৰীৰিক,মানসিকভাৱে অত্যাচাৰ কৰি আহিছিল ৰাতুল দাসে। কিন্তু ৰাতুলৰ অমানৱিক অত্য়াচাৰৰ পৰা সাৰি নগল অন্তসত্ত্বা পত্নীও। স্বাস্থ্যৰ অৱনতি ঘটাত নিজৰ মাকৰ ঘৰত থাকিবলৈ লয় পত্নীয়ে কিন্তু বলপূৰ্বকভাৱে পত্নীক ঘৰলৈ নিবলৈ চেষ্টা চলায় ৰাতুলে। এই কাৰ্যত বাধা প্ৰদান কৰাৰ বাবেই পত্নী আৰু শাহুৱেকক চুৰিৰে আক্ৰমণ কৰে।

যৌতুক তথা পইচাৰ লোভত বলিয়ান হোৱা ৰাতুলে আক্ৰমণ কৰি পলায়ন কৰে। ঘটনা সন্দৰ্ভতকামপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে পত্নীয়ে। স্থানীয় লোকৰ দাবী আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰি নিৰ্যাতিত বোৱাৰী গৰাকীক যাতে ন্যায় দিয়ে।

You might also like