নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পেইনৰ এবছৰীয়া কন্যাৰ দেহত যকৃৎ, পাকস্থলী, অগ্নাশয় সংৰোপণ

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ বিশ্বৰ চিকিৎসা খণ্ডত এক যুগান্তকাৰী সাফল্য৷ প্রথমবাৰৰ বাবে মানৱ দেহত অন্ত্রৰ সফল সংৰোপণ কৰা হ’ল৷ স্পেইনৰ মাড্রিড হাস্পতালত এক বছৰীয়া কন্যা শিশুৰ দেহত অন্ত্রৰ সংৰোপণেৰে চিকিৎসকে অভাৱনীয় সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ হূদৰোগত আক্রান্ত এজন মৃত ৰোগীৰ দেহৰ পৰা অন্ত্রটি এক বছৰীয়া কন্যা শিশুৰ দেহত সফল সংৰোপণ কৰে চিকিৎসকৰ দলে৷

মাড্রিডৰ চিকিৎসালয় কর্তৃপক্ষই প্রকাশ কৰা মতে এমা নামৰ কন্যা শিশুটি জন্মৰে পৰাই অন্ত্রৰ জটিল ৰোগত আক্রান্ত হোৱাটো ধৰা পৰে৷ শিশুটিৰ দেহত অন্ত্র আছে যদিও তাৰ আকাৰ তুলনামূলকভাৱে অতি সৰু৷ চিকিৎসকসকলে শিশুটিক চিকিৎসা প্রদান কৰি আছিল যদিও দিনে দিনে শিশুৰ শাৰীৰিক স্বাস্থ্যৰ অৱনতি ঘটি আহিছিল৷ অৱশেষত কন্যা শিশুটিৰ দেহত কালি চিকিৎসকে অন্ত্রৰ সফল সংৰোপণ কৰা হয়৷

অন্ত্র সংৰোপণ কৰাৰ লগে লগে শিশুটিয়ে নতুন যকৃৎ, পাকস্থলী, অগ্ণাশয় আৰু প্লীহা লাভ কৰিলে৷ কার্যতঃ কন্যা শিশুটিয়ে নতুন জীৱন লাভ কৰিলে৷ কন্যা শিশুটিৰ মাকে চিকিৎসকক অশেষ ধন্যবাদ জ্ঞাপন কৰি কয় যে জীৱন থমকি নৰয়৷ এমা অতি সাহসী কন্যা৷ প্রতি মুহূর্ততে তাই জীয়াই থকাৰ ইচ্ছাক প্রকট কৰি ৰাখে৷

উল্লেখ্য যে অংগ সংৰোপণৰ ক্ষেত্রত স্পেইন আগবঢ়া দেশ৷ মৃত ব্যক্তিৰ পৰা অন্ত্র নি আন দেহত সংৰোপণ কৰাটো অতি জটিল প্রক্রিয়াকো সহজে সফল কৰি তুলিবলৈ সক্ষম হৈছে৷ মাড্রিডৰ লা পেজ হাস্পতালৰ এই অন্ত্র সংৰোপণ বিশ্বৰ চিকিৎসা খণ্ডৰ বাবে এক ইতিবাচক খবৰ৷

You might also like