নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় ক্রীড়াঃ স্বর্ণ জয়েৰে উজলিল অসমকন্যা লাভলীনা–অংকুশিতা

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ অসমৰ দুই কন্যা লাভলীনা বৰগোহাঁই আৰু অংকুশিতা বড়োৱে ৩৬সংখ্যক গুজৰাট ৰাষ্ট্রীয় ক্রীড়াৰ অন্তিমদিনা বক্সিঙত স্বর্ণ পদক লাভ কৰি প্রত্যাশিতভাৱে দেশৰ শ্রেষ্ঠ ক্রীড়া প্রতিযোগিতাখনত অসমৰ স্বর্ণিল যাত্রাৰ যৱনিকা পেলালে৷ আজি অনুষ্ঠিত বক্সিঙৰ মহিলাৰ ৬৬ কেজি শাখাৰ ফাইনেলত অংকুশিতাই মণিপুৰৰ এলিনাক দ্বিতীয় ৰাউণ্ডতে নকআউট কৰি সোণৰ পদক জয় কৰে৷ অসম কন্যাৰ ধাৰাসাৰ পাঞ্চৰ সন্মুখত এলিনাই আত্মসমর্পণ কৰাৰ সময়তে ৰেফাৰীয়ে আধাতে মেচ বন্ধ কৰি অংকুশিতাক জয়ী ঘোষণা কৰে৷ উল্লেখ্য যে কেৰিয়াৰৰ প্রথমখন ৰাষ্ট্রীয় ক্রীড়াত ভাগ লোৱা প্রাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতাই প্রতিযোগিতাখনত চাৰিখন মেচ খেলি তিনিখনতে প্রতিদ্বন্দ্বীক নকআউট কৰি আজি স্বর্ণ জিনে৷

ইফালে, অংকুশিতাৰ স্বর্ণ জয়ৰ পিছতে মহাত্মা মন্দিৰৰ বক্সিং ৰিঙলৈ আহে সমগ্র দেশে উৎকণ্ঠাৰে বাট চাই থকা টকি’ অলিম্পিকত ব্রঞ্জৰ পদক জয়ী ভাৰত গৌৰৱ অসমৰ মহিলা বক্সাৰ লাভলীনা৷ লাভলীনাৰ আজি অন্তিম প্রতিদ্বন্দ্বী আন এগৰাকী আন্তর্জাতিক তাৰকা বক্সাৰ হোৱাত স্বাভাৱিকতে চাপত আছিল অসম কন্যা৷ কিন্তু খেল আৰম্ভ হোৱাৰ লগে লগে হাৰিয়ানাৰ স্বতিৰ বিৰুদ্ধে চতুৰতাৰে পইণ্ট ল’বলৈ সক্ষম হয় লাভলীনাই৷ ৭৫ কেজিত ফাইনেল মেচখনত লাভলীনাই হাৰিয়ানাৰ স্বতিক ৫–০ ব্যৱধানত পৰাস্ত কৰি শ্রেষ্ঠত্ব প্রতিপন্ন কৰে৷ উল্লেখ্য যে ৭৫ কেজিত এয়া লাভলীনাৰ কেৰিয়াৰৰ প্রথমটো স্বর্ণ৷ ইয়াৰ পূর্বে লাভলীনাই ৬৯ কেজিতহে খেলিছিল৷ আনহাতে, আজি সামৰণি পৰা ৰাষ্ট্রীয় ক্রীড়াত অসমে মুঠ ২৮টা পদক লাভ কৰি পদক তালিকাৰ চতুর্দশ স্থানত থাকে৷ অসমে লাভ কৰা ২৮টা পদকৰ ভিতৰত আছিল ৯টা স্বর্ণ, ১০টা ৰূপ আৰু ৯টা ব্রঞ্জৰ পদক৷

You might also like