নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আয়ুস অভিযান, অসম ২০৬ চাকৰিৰ বিজ্ঞাপন; আজিয়ে কৰক আবেদন

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত পৰিচালিত ৰাষ্ট্রীয় আয়ুস অভিযান, অসম(O/o the National Ayush Mission, Assam)ত খালী হৈছেCommunity Health Officerৰ ২০৬ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিState AYUSH Society, AssamৰDirector of AYUSH cum Member Secretary (EB)–এ এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, Community Health Officer পদৰ  প্রার্থী স্বীকৃতিপ্রাপ্ত Instituteৰ পৰা BAMS/BHMSৰ ডিগ্রীধাৰী হোৱাৰ লগতে প্রার্থীৰ নামState Council/Board of Assamত পঞ্জীয়নভুক্ত হোৱা হ’ব লাগিব৷ বয়স ১৯ ডিচেম্বৰ, ২০২২লৈ ৪৫ বছৰ৷ মাহে ২৫,০০০ টকা লাভ কৰিব৷ কার্য সম্পাদনাৰ ভিত্তিত মাহে ১৫,০০০ টকা লাভ কৰিব পাৰে৷ আবেদনকাৰ Regional/Local Language আৰু Dialectত দক্ষতা থকাৰ লগতেPublic Health Systemত কাম কৰাৰ অভিজ্ঞতা থকা হ’ব লাগিব৷ অৱশ্যে নিযুক্তিৰ ক্ষেত্রতPrimary/Community Health Centreত কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈState AYUSH Society, Assamৰ ৱেবছাইট https://ayush.assam.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৯ ডিচেম্বৰ, ২০২২৷

You might also like