নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ সাৱধানেৰে দিনটো পাৰ কৰক৷ দৰকাৰী কামত অৱহেলা নকৰিব৷ শৰীৰ বৰ ভালেৰে নাযাব পাৰে৷ বিদ্যাত মজলীয়া ফল৷ খাদ্যাদিত যত্ন লওক৷ প্রেম বিবাদ৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ২৷
বৃষ ঃ উন্নত দিনৰ অনুমান৷ যোগাযোগত খুব বেয়া নহ’ব৷ আর্থিকতো বিশেষ কষ্ট নাপাব৷ বিদ্যাত মনোযোগ দিব পাৰিব৷ ব্যৱসায়ত বেয়া নহ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷
মিথুন ঃ সামাজিক ক্ষেত্রত উন্নত পৰিৱেশ নাপাব৷ অত্যন্ত শুভ কথাতো আপুনি সন্তোষ কম পাব৷ আর্থিকত ব্যয় বৃদ্ধি পাব৷ শৰীৰৰ দুর্বলতা থাকিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৫৷
কর্কট ঃ ফৰকাল অনুভৱ কৰিব৷ কর্মক্ষেত্রতো বিশেষ বাধা নাপাব৷ কর্তব্যত আগ্রহ বাঢ়িব৷ শৰীৰৰ বিশেষ সমস্যা নাথাকিব৷ উৎসাহজনক কথাত যোগদান৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৭৷
সিংহ ঃ আনন্দ প্রাপ্তিৰ যোগ৷ কোন কর্মত আনন্দ পাব৷ পৰিৱেশ্য প্রতিকূল নহ’ব৷ পঢ়া–শুনাত বাধা কম৷ ব্যৱসায় বা স্বাধীন কর্মজীৱনৰ প্রতি আস্থা আহিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৫৷
কন্যা ঃ আকস্মিক অর্থ প্রাপ্তিৰ যোগ৷ বিদ্যাত শুভ৷ ব্যৱসায়ীসকলৰ উৎসাহ বৃদ্ধি পাব৷ শৰীৰ খুব উন্নত নহ’ব৷ অযথা দুশ্চিন্তা দুৰাকাংক্ষাই আমনি কৰিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷
তুলা ঃ দুর্ভাৱনা এৰাব নোৱাৰিব৷ অসম্পাদিত কামত সাধাৰণ উৎকণ্ঠা থাকিব৷ কিবা দৰকাৰী কাম আছে৷ যদি সমাধানৰ চেষ্টা ৰাখক৷ শৰীৰ মধ্যম৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ১৷
বৃশ্চিক ঃ আপোনাৰ জাতিশীল কর্মৰ দ্বাৰা ইপ্সিত আশা পূৰণৰ কাৰক৷ কর্মত মধ্যম৷ দুই–এটা কামত দুশ্চিন্তাত সোমাব৷ উপায়হীনে নতুন আশা দেখিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৪৷
ধনু ঃ শৰীৰ সম্পর্কে সচেতন থাকক৷ আপোনাৰ কোনো সমস্যা সমাধানৰ কাৰক৷ কিন্তু দুই–এটা ঘৰুৱা কাৰণত মনটো ফৰকাল নাথাকিব পাৰে৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৮৷
মকৰ ঃ উন্নত পৰিৱেশ৷ দিনৰ দহ বজাৰ পৰা আৰু কিছু উন্নত৷ আর্থিকত বেয়া দেখা নাযায়৷ শিল্প বিদ্যাত আনন্দ৷ দাম্পত্যত অলপ দুশ্চিন্তা থাকিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷
কুম্ভ ঃ কর্মব্যস্ততা বাঢ়িব৷ শৰীৰ মধ্যম৷ গুৰুতৰ কাম আদি হাতত ল’লেও ভবা–শুনা কৰি ল’ব৷ কর্মত নতুন উদ্যম৷ আর্থিকত খৰচ বৃদ্ধি পাব৷ প্রেম–প্রীতিত মধ্যম৷ পঢ়া–শুনাত খেলি–মেলি থাকিব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৬৷
মীন ঃ পুৱা দহটালৈ কিছু সাৱধান থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ কর্মব্যস্তসকল কর্মকালত কিবা অশান্তি অনুভৱ কৰিব৷ ঘৰুৱাত শুভ কর্ম সম্পাদন৷ আর্থিকত মজলীয়া৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৫৷

You might also like