নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়ৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্রৰ ৮০ পদত নিযুক্তিৰ ব্যৱস্থা

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ একমাত্র জীৱ–চিকিৎসা বিষয়ক গৱেষণাগাৰ ডিব্রুগড়ৰ লাহোৱালস্থিত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্র, উত্তৰ–পূর্বাঞ্চলত(ICMR-Regional Medical Research Centre, NE Region) খালী হৈছেAssistant ৮০ পদ৷ মুঠ খালী পদ ৮০টাৰ ভিতৰত অসংৰক্ষিত ৩৩টা, অ’বিচিৰ ২১টা, এছ টিৰ ৬টা, এছ চিৰ ১২টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৮টা পদ সংৰক্ষিত থাকিব৷

আবেদনকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়/শিক্ষানুষ্ঠানৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান থকাটো বাঞ্ছনীয়৷ দৰমহাৰ নিৰিখ ৩৫,৪০০–১,১২,৪০০ (৯,৩০০–৩৪,৮০০ টকাসহ ৪,২০০ টকাৰ গ্রেড পে’) টকা৷ আবেদন মাচুল হিচাপে এছ চি, এছ টি মহিলা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ১২,০০০ টকা পৰিশোধ কৰাৰ বিপৰীতে অন্যান্য শ্রেণীৰ বিপৰীতে ১৫,০০০ টকা নেট বেংকিংযোগে পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈPGIMER/ICMR বিভাগীয় ৱেবছাইটwww.pgimer.edu.in & www.icmr.nic.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৩ ডিচেম্বৰ, ২০২০৷

You might also like