নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণত ১৪ চাকৰি

গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণ (জিএমডিএ)ত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিGuwahati Metropolitan Development AuthorityৰChief Executive Officer-এ এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Assistant Engineer-Civil & Electrical (6), Assistant Architect (1), Junior Engineer-Architecture (1), Junior Engineer-Civil & Electrical (6)৷

Assistant Engineer-Civil & Electricalৰ ৬ পদৰ ভিতৰতCivil Engineering বিভাগত ৫ পদ আৰুElectrical Engineering বিভাগৰ প্রার্থীৰ বাবে ১ পদ সংৰক্ষিত থাকিব৷Civil Engineering বিভাগৰAssistant Engineer পদৰ প্রার্থীCivil Engineering বিষয়তB.E./B.Tech. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷Electrical Engineering বিভাগৰAssistant Engineer পদৰ প্রার্থীElectrical Engineering বিষয়তB.E./B.Tech. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৩০,০০০–১,১০,০০০ টকাসহ ১২,৭০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷Assistant Architect পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰাB.Arch.ৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৩০,০০০–১,১০,০০০ টকাসহ ১২,৭০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷Junior Engineer-Civil & Electricalৰ ৬ পদৰ ভিতৰতCivil Engineering বিভাগত ৫ পদ আৰুElectrical Engineering বিভাগৰ প্রার্থীৰ বাবে ১ পদ সংৰক্ষিত থাকিব৷Civil Engineering বিভাগৰJunior Engineer পদৰ প্রার্থীCivil Engineering বিষয়ত ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷Electrical Engineering বিভাগৰJunior Engineer পদৰ প্রার্থীElectrical Engineering বিষয়ত ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৪৯,০০০ টকাসহ ৮,৭০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷Junior Engineer-Architecture পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰাArchitect Engineering/Architectural Assistantship বিষয়ত ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৪৯,০০০ টকাসহ ৮,৭০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ বয়স ১ জানুৱাৰী, ২০২২লৈ সর্বোচ্চ ৩৮ বছৰ৷

বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে এছচি আৰু এছটি শ্রেণীৰ প্রার্থীয়ে ২৫০ টকা পৰিশোধ কৰাৰ বিপৰীতে অন্যান্য শ্রেণীৰ প্রার্থীয়ে ৫০০ টকা জিএমডিএৰ হকে পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ ৱেবছাইট www.gmda.assam.gov.in/www.gmda.niyuktiportal.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩১ মার্চ, ২০২২৷

You might also like