নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁওস্থিত ৰাষ্ট্রীয় আইন বিশ্ববিদ্যালয়–ন্যায়িক একাডেমীত ২ পদ

গুৱাহাটীৰ আমিনগাঁওস্থিত ৰাষ্ট্রীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী(National Law University & Judicial Academy, Assam)ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিNLUJAA, AssamৰRegistrar-এ এক বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Office Assistant cum Data Entry Operator (1), Field Assistant (1)৷ Office Assistant cum Data Entry Operator পদৰ প্রার্থীয়ে মাহে ১২,৫০০ টকা লাভ কৰিব৷ Field Assistant পদৰ প্রার্থীয়ে মাহে ৮,০০০ টকা লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ বাবে NLUJAA, Assamৰ ৱেবছাইট https://dairy.assam.gov.in/documents-detail/tor-and-application-format-for-the-post-of-lab-manager-under-apart লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন To The Registrar, National Law University & Judicial Academy, Assam., Hajo Road, Amingaon, Guwahati-781031 (Assam) ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদনৰ ছফ্ট কপী ই–মেইল [email protected]যোগে প্রেৰণ কৰাটো বাঞ্ছনীয়৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৯ মার্চ, ২০২২৷

You might also like