নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী উচ্চ ন্যায়ালয়ত ২৩৭ পদত মকৰল

 গুৱাহাটী উচ্চ ন্যায়ালয়ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰCentralized Recruitment বিভাগৰRegistrar (Admin cum In-Charge)–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,LDA & Copyistৰ ২৩৭ পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷LDA & Copyistৰ ২৩৭ পদ পূৰণ হ’বলগীয়া জিলাসমূহ হৈছেBaksa (1), Barpeta (11), Bongaigaon (5), Cachar (19), Chirang (4), Darrang (8), Dhemaji (1), Dhubri (11), Dibrugarh (5), Dima Hasao (10), Goalpara (4), Golaghat (13), Hailakandi (9), Jorhat (4), Kamrup-M (30), Kamrup-Amingaon (13), Karbi Anglong (4), Karimganj (5), Kokrajhar (6), Lakhimpur (8), Morigaon (13), Nagaon (12), Nalbari (13), Sivasagar (7), Sonitpur (13), Tinsukia (6), Udalguri (2)৷ মুঠ পদ ২৩৭টাৰ ভিতৰত অসংৰক্ষিত ১৫১টা, এছ চিৰ ১৫টা, এছ টি–পিৰ ২১টা, এছ টি–এইচৰ ৮টা আৰু অ’বিচি/এম’বিচি শ্রেণীৰ প্রার্থীৰ বাবে ৪২টা পদ সংৰক্ষিত থাকিব৷ নিযুক্তিপ্রাপ্তই মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকা গ্রেড পে লাভ কৰিব৷ আবেদনকাৰীUGCৰ দ্বাৰা স্বীকৃতিপ্রাপ্তUniversityৰ পৰাGraduate ডিগ্রীধাৰী আৰু কম্পিউটাৰৰ তিনিমহীয়া পাঠ্যক্রম কৰাৰ লগতে অসমৰ কার্যালয়ত প্রচলিত ভাষা (অসমীয়া)ৰ জ্ঞান থকাৰ উপৰি প্রার্থীৰ নাম নিয়োগ বিনিময় কেন্দ্রত পঞ্জীয়নভুক্ত হোৱা হ’ব লাগিব৷ বয়স ১৮–৪০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে এছচি, এছটি–পি আৰু এছটি–এইচ শ্রেণীৰ প্রার্থীয়ে ১৫০ টকা পৰিশোধ কৰাৰ বিপৰীতে অন্যান্য শ্রেণীৰ প্রার্থীয়ে ৩০০ টকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হকে পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.ghconline.gov.in ভিজিট কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩১ অক্টোবৰ, ২০২১৷

You might also like