নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইমছ ভুবনেশ্বৰ–গুৱাহাটী ১৮ পদত নিযুক্তিৰ সুযোগ

কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ অধীনত পৰিচালিত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান(All India Institute of Medical Sciences, Bhubaneswar, Guwahati), ভুবনেশ্বৰ আৰু গুৱাহাটী চমুকৈ এইমছ ভুবনেশ্বৰ আৰু গুৱাহাটীত খালী হৈছে একাধিক পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিAIIMS, BhubaneswarৰAdministrative Officer-এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,AIIMS, Bhubaneswarত পূৰণ হ’বলগীয়া পদসমূহৰ ভিতৰত আছে–Chief Librarian (1), Librarian Selection Grade (1), Chief Medical Social Service Officer (1), Executive Engineer-Civil (1), Hospital Architect (1), Senior Administrative Officer (1), Deputy Chief Security Officer (1), Finance & Chief Accounts Officer-Sr. Accounts Officer (1), Accounts Officer (1), Security Officer (1), Store Officer (2), Assistant Administrative Officer (2)৷ আনহাতে,AIIMS, Guwahatiত পূৰণ হ’বলগীয়া পদসমূহৰ ভিতৰত আছে–Financial Advisor (1), Executive Engineer-Civil (1), Accounts Officer (1), Assistant Administrative Officer (1)৷ আবেদনকাৰীৰCentral/State/U.T. Government/Universities/Statutory/Autonomous Bodies/Public Sector Undertaking/Research & Development Organisations অথব Central/State/U.T. – Police Department/Armed Force/Para Military Forceত কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, নিযুক্তি প্রক্রিয়াৰ বাবেAIIMS, Bhubaneswarৰ ৱেবছাইটhttps://aimsbhubaneswar.nic.in ভিজিট কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদনTo, The Assistant Administrative Officer, Recruitment Cell, All India Institute of Medical Sciences, At-Sijua, P.O.- Dumuduma, Patrapara, Bhubaneswar-751019 ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৯ অক্টোবৰ, ২০২১৷

You might also like