নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত নেছ’ৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ বাজিছে ৰণদুন্দুভি । সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশনত নতুন ৰূপত নাগৰিকত্ব সংশোধনী উত্থাপন হোৱাটো নিশ্চিত হোৱাৰ পাছতে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল প্ৰতিবাদমুখৰ হৈ পৰিছে । সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে উত্তৰ-পূবৰ সাতখন ৰাজ্যতে বাজিব প্ৰতিবাদৰ দাবানল । উত্তৰ-পূবৰ ছাত্ৰ-সংগঠন নেছ’ৰ আহ্বানত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হ’ব ।

নেছ’ৱে এক বিবৃতিত উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে একমাত্ৰ অবৈধ বাংলাদেশীৰ ভোটবেংক সুৰক্ষিত কৰিবলৈ উত্তৰ-পূবৰ ৰাজ্যৰ স্বাৰ্থ জলাঞ্জলি দি কেব জাপি দিব বিচাৰিছে । ইয়াৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূবতে প্ৰতিবাদ সাব্যস্ত কৰা হ’ব । সেই অনুসৰি উত্তৰ-পূবৰ সাতোখন ৰাজ্যৰ ৰাজধানী চহৰত ৰাজভৱনৰ সমীপত এই প্ৰতিবাদ সাব্যস্ত কৰা হ’ব । লগতে প্ৰতিখন ৰাজ্যৰ ৰাজ্যপালৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহলৈ দাবী পত্ৰ প্ৰেৰণ কৰি খিলঞ্জীয়াবিৰুদ্ধী, অবৈধ বাংলাদেশীৰ ৰক্ষক কেবৰ বিৰুদ্ধে দাবী সাব্যস্ত কৰা হ’ব । উল্লেখ্য যে এই প্ৰতিবাদৰ বাবে সোমবাৰে দিনৰ ১১ বজাত সকলোৱে শ্বহীদ ভৱনৰ সমীপত সমৱেত হ’ব ।

You might also like