নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূববাসী শংকিত নহ’বঃ গৃহমন্ত্রী অমিত শ্বাহ

নিউজ ডেস্ক, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক লৈ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহ উত্তপ্ত হৈ থকাৰ সময়তে কংগ্রেছক আক্রমণৰ লক্ষ্য কৰি লৈছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৷

সংশোধিত নাগৰিকত্ব আইনখনক লৈ অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলত কংগ্রেছে হিংসাত উচটনি যোগাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে ৷

ঝাৰখণ্ডৰ বিধানসভা নির্বাচন উপলক্ষে শনিবাৰে এক বিশাল সমাৱেশত অংশ লৈ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছতেই বিৰোধীৰ পেটৰ বিষ হৈছে বুলি কংগ্রেছকে ধৰি বিৰোধীক কটাক্ষ কৰে ৷

গৃহমন্ত্রী শ্বাহে কয় যে চৰকাৰে সংশোধিত নাগৰিকত্ব আইন আনিছে আৰু কংগ্রেছৰ পেটৰ বিষ হৈছে ৷ তাৰ বাবে ইয়াৰ বিৰুদ্ধে হিংসাত উচটনি দি আছে ৷

ইপিনে, নাগৰিকত্ব সংশোধনী আইনক লৈ কোনো কাৰণতে উত্তৰ–পূর্বাঞ্চলবাস্ শংকিত হ’ব নালাগে বুলি আহ্বান জনাই কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয়– ‘মই অসমবাসী আৰু উত্তৰ–পূর্বাঞ্চলৰ আন ৰাজ্যৰ জনতাক আশ্বাস দিছোঁ যে তেওঁলোকৰ সংস্কৃতি–সামাজিক পৰিচয়, ভাষা আৰু ৰাজনৈতিক অধিকাৰ অক্ষুণ্ণ হৈ থাকিব আৰু নৰেন্দ্র মোদী চৰকাৰে তেওঁলোকক সুৰক্ষিত কৰিব ৷’

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনৰ পৰা অৰুণাচল প্রদেশ, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, মেঘালয়, ত্রিপুৰা আৰু অসমৰ ষষ্ঠ অনুচ্ছেদ অঞ্চলসমূহক ৰেহাই দিলেও অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ কেইবাখনো ৰাজ্যত আইনবিৰোধী প্রতিবাদ তীব্রতৰ হৈ উঠিছে ৷

You might also like