নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূব পালেহি ক’ৰোনাঃ মাৰাত্মক ভাইৰাছত আক্রান্ত হংকঙৰ পৰা উভতি অহা মণিপুৰী

নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰীঃ চীনত সংহাৰী ৰূপ লোৱাৰ পাছত উত্তৰ-পূবত প্ৰৱেশ কৰিলেহি ঘাতক ক’ৰোনা ভাইৰাছ । চীনৰ পৰা অহা দুই ভাৰতীয় যাত্ৰীক মুম্বাই বিমানবন্দৰত ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত চিকিৎসালয়ত বিশেষভাৱে নিৰীক্ষণত ৰখাৰ পাছত এইবাৰ উত্তৰ-পূবৰ ৰাজ্য মণিপুৰৰ ক’ৰোনা ভাইৰাছত আক্ৰান্ত মহিলা চিনাক্ত হ’ল ।

ইম্ফলৰ চিকিৎসালয়ত সম্প্রতি বিশেষ নিৰীক্ষণত ৰখা ঘাতক ভাইৰাছটোত আক্রান্ত মহিলাগৰাকীৰ নাম হৈছে মইৰাংথেম ৰোশিনী দেৱী৷

ইম্ফলৰ থাংমেইবান্দ খোমদ্রাম ছেলুংবা লেইকাইৰ বাসিন্দা ৰোশিনী দেৱীয়ে হংকং ভ্রমণ সামৰি যোৱা ২০ জানুৱাৰীত ইম্ফলত উপস্থিত হৈছিল৷ ইয়াৰ পাছতে সন্দেহজনক ৰোগত আক্রান্ত হোৱাত চিকিৎসকে মহিলাগৰাকীক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ সন্দেহ প্রকাশ কৰে আৰু ইম্ফলৰ চিকিৎসালয়ত বিশেষ নিৰীক্ষণত ৰাখি চিকিৎসা চলাই আছে৷ ইম্ফলত ক’ৰোনা ভাইৰাছত আক্রান্ত মহিলা চিনাক্ত হোৱাৰ পাছতে চৰকাৰে সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ চীনৰ পৰা ম্যানমাৰ হৈ মণিপুৰত প্রৱেশ কৰা লোকক বিমানবন্দৰৰ যাত্রী আৰু নিৰীক্ষণ চকীত সূক্ষ্ম নিৰীক্ষণ চলাই আছে৷ ভাৰত–ম্যানমাৰ সীমান্তৱর্তী চহৰ ম’ৰে আৰু বেহিয়াঙৰ লোকক নিৰীক্ষণৰ বাবে মণিপুৰ স্বাস্থ্য বিভাগে চিকিৎসক–বিষয়া নিয়োগ কৰিছে৷ চীন আৰু দেশখন সংলগ্ণ অঞ্চলৰ পৰা ভাৰতলৈ অহা দেশী–বিদেশী সকলো নাগৰিকক মণিপুৰ স্বাস্থ্য বিভাগৰ চিকিৎসকসকলে নিৰীক্ষণ কৰি আছে৷

আনহাতে, ম্যানমাৰ চৰকাৰেও দেশখনলৈ আহ–যাহ কৰিবলগীয়া সকলো প্রৱেশ পথ আৰু নিৰীক্ষণ চকীত লোকসকলক বিশেষভাৱে নিৰীক্ষণ কৰিবলৈ নির্দেশনা জাৰি কৰিছে৷ উল্লেখ্য যে চীনৰ ৱুহান প্রদেশত আৰম্ভ হৈ ঘাতক ক’ৰোনা ভাইৰাছে প্রদেশখনৰ লগতে দেশখনত সংহাৰী ৰূপ ধাৰণ কৰে৷ পৰিণতিত দেশৰ চৰকাৰে উক্ত অঞ্চলসমূহলৈ বহিঃদেশৰ পৰা যাতায়াত ব্যৱস্থা সংৰক্ষিত কৰে৷ আনকি ৱুহান প্রদেশৰ সৈতে দেশখনৰে আন অঞ্চলৰ সৈতে যাতায়াত বিচ্ছিন্ন কৰি ৰাখে৷ ইপিনে, ৱুহান প্রদেশত ভয়াৱহ ৰূপ লোৱা ঘাতক ক’ৰোনা ভাইৰাছৰ বাবে উক্ত প্রদেশখনৰ বিশ্ববিদ্যালয়ত থকা ভাৰতীয় শিক্ষার্থীৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে৷ কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ে ৱুহান প্রদেশৰ বিশ্ববিদ্যালয়ত ভর্তি হৈ থকা ভাৰতীয় শিক্ষার্থীসকলৰ সৈতে অহৰহ যোগাযোগ কৰিবলৈ বেইজিংস্থিত দূতাবাসক নির্দেশ দিছে আৰু চীনৰ চৰকাৰৰ সৈতে সম্পর্ক ৰক্ষা কৰি চলিবলৈ নির্দেশ দিছে৷ ৱুহান প্রদেশত থকা ভাৰতীয় শিক্ষার্থীসকলক যিকোনো মুহূর্তত দেশলৈ প্রত্যাৱর্তন কৰোৱাৰ বাবে নতুন দিল্লী সম্পূর্ণ সাজু হৈ আছে বুলিও ইতিমধ্যে চীনৰ চৰকাৰক অৱগত কৰিছে৷ লক্ষণীয় যে ৱুহান প্রদেশৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ২০০তকৈও অধিক ভাৰতীয় শিক্ষার্থীৰ মাজত অসমৰ ছাত্রও থকাটো নিশ্চিত হৈছে৷ চর্চিত বাতৰি মতে, ৱুহান প্রদেশত অসমৰ গৌৰৱ নাথ নামৰ এজন যুৱক আবদ্ধ হৈ আছে৷

মালয়েছিয়াত মৃত্যু ত্রিপুৰাৰ যুৱকৰ

ঘাতক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ মালয়েছিয়াত প্রাণ হেৰুৱালে উত্তৰ–পূবৰ এগৰাকী যুৱকে৷ ইতিমধ্যে উত্তৰ–পূবৰ মণিপুৰত এগৰাকী মহিলা ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ পাছত উত্তৰ–পূবৰ প্রথমগৰাকী ব্যক্তি হিচাপে এই ঘাতক ভাইৰাছত আক্রান্ত হৈ মালয়েছিয়াত প্রাণ হেৰুৱালে ত্রিপুৰাৰ এজন যুৱকে৷ মালয়েছিয়াৰ এখন ৰেষ্টুৰেণ্টত কাম কৰি থকা মণিৰ হোছেইন নামৰ ২৩ বছৰীয়া যুৱকজনৰ চিকিৎসালয়ত মৃত্যু হয় বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে হোছেইনৰ ককাকে৷ মালয়েছিয়ান কর্তৃপক্ষই হোছেইনৰ যোৱানিশা চিকিৎসালয়ত মৃত্যু হোৱা বুলি ককাকক অৱগত কৰা বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে৷ উল্লেখ্য যে ২০১৬ চনত বিবাহপাশত আবদ্ধ হোৱা মণিৰ হোছেইনে ২০১৮ চনত মালয়েছিয়ালৈ গৈছিল আৰু তাতে এখন ৰেষ্টুৰেণ্টত কর্মৰত হৈ আছিল৷ মৃত মণিৰ হোছেইনৰ মৃতদেহ নিজ বাসগৃহলৈ ওভতাই অনাৰ বাবে পদক্ষেপ ল’বলৈ পৰিয়ালৰ লোকে কেন্দ্রীয় চৰকাৰক আহ্বান জনাইছে৷

You might also like