নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণতান্ত্রিক ব্যৱস্থাৰ প্রতি বিশ্বজুৰি বৃদ্ধি পাইছে অসন্তুষ্টি

গণতন্ত্রলৈ চৰম অনীহা ব্রিটেইন–আমেৰিকাৰ গৰিষ্ঠসংখ্যক জনসাধাৰণৰ

নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰীঃ গণতন্ত্রৰ প্রতি বিশ্বজুৰি বৃদ্ধি পাইছে অসন্তুষ্টি৷ উন্নত দেশসমূহত বিগত ২৫ বছৰৰ অভিলেখ এইক্ষেত্রত ভংগ হৈছে ৷ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ এদল গৱেষকৰ সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য৷ বিশ্বৰ সন্মানীয় শিক্ষা প্রতিষ্ঠানটোৰ শিক্ষাবিদসকলে বিশ্লেষণ আগবঢ়াইছে যে শেহতীয়াকৈ বিভিন্ন দেশত গণতন্ত্রৰ প্রতি বিৰাগ জন্মিছে সাধাৰণ জনতাৰ ৷ প্রায় চাৰি নিযুত লোকৰ ওপৰত ৩৫০০ সমীক্ষা চলোৱা হৈছে এই ২৫ বছৰৰ ভিতৰত৷ সমীক্ষা অনুসৰি আমেৰিকা আৰু ব্রিটেইনত গণতন্ত্রৰ প্রতি অসন্তুষ্টি অভাৱনীয় হাৰত বৃদ্ধি পাইছে ৷ বিশ্ববিদ্যালয়খনৰ গৱেষকসকলে উল্লেখ কৰা অনুসৰি বিশ্বজুৰি গণতন্ত্র এতিয়া ৰুগ্ন অৱস্থাত পৰিছে ৷ বিশিষ্ট শিক্ষাবিদ তথা অন্যতম গৱেষক ৰবার্ট’ ফ’ৱাৰ মতে আমেৰিকা, ব্রিটেইনকে ধৰি উন্নত দেশসমূহক গণতান্ত্রিক ব্যৱস্থাই সন্তুষ্ট কৰিব পৰা নাই ৷ ‘ফিউচাৰ অৱ ডেমক্রেচি’ শীর্ষক প্রতিবেদনত ১৯৯৫ চনৰ পৰা গণতন্ত্রৰ প্রতি অসন্তুষ্ট লোকৰ সংখ্যা ৫৮ শতাংশলৈ বৃদ্ধি পোৱা বুলি উল্লেখ কৰা হৈছে ৷ ১৯৯৫ত গণতান্ত্রিক ব্যৱস্থাৰ প্রতি অসন্তুষ্ট লোকৰ সংখ্যা আছিল ৪৮ শতাংশ ৷ বর্তমান এই হাৰ ১০ শতাংশ বৃদ্ধি পাইছে ৷ উল্লেখনীয় যে ১৫৪খন দেশক লৈ চলোৱা সমীক্ষা অনুসৰি ব্রিটেইনৰ ৬১ শতাংশ লোকে এতিয়া গণতান্ত্রিক ব্যৱস্থা দেশ শাসনৰ বাবে উপযুক্ত ব্যৱস্থা নহয় বুলি ঘোষণা কৰিছে ৷ এই সমীক্ষাত পূর্বৰ ২৫টা বছৰৰ ইউৰোপৰ বিভিন্ন ঘটনাক সন্নিৱিষ্ট কৰা হৈছে ৷ ১৯৭৫ৰ পৰা ১৯৯৫ লৈ পূব আৰু মধ্য ইউৰোপত কমিউনিষ্ট দুর্গবোৰৰ পতনৰ সময়ত গণতান্ত্রিক ব্যৱস্থাৰ প্রতি মানুহৰ আকাংক্ষা বৃদ্ধি পোৱা দেখা গৈছিল ৷ কিন্তু পৰৱর্তী সময়ত এই ব্যৱস্থাই সন্তুষ্ট কৰিব পৰা নাই উন্নত দেশৰ জনসাধাৰণক ৷ বিশেষকৈ গণতান্ত্রিক ব্যৱস্থাই আর্থিক ক্ষেত্রত অধিক বৈষম্য সৃষ্টি কৰা বুলি সমীক্ষাত উল্লেখ কৰা হৈছে ৷

You might also like