পুনৰ ক্ষমতা দখলৰ লক্ষ্যৰে ত্রিপুৰাত বিজেপিৰ ব্যাপক নির্বাচনী কুচকাৱাজ; নির্বাচনী প্রচাৰ সভাত অংশ মুখ্যমন্ত্রী ড০ শর্মাৰ
- ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা- পূর্বতকৈ অধিক আসন লাভ কৰিব বিজেপিয়ে
- একেদিনাই ৰাষ্ট্রীয় অধ্যক্ষ জেপি নাড্ডা, কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীৰ প্রচাৰ অভিযান
নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ পুনৰ ক্ষমতালৈ অহাৰ লক্ষ্যৰে ত্রিপুৰাত পূর্ণ শক্তিৰে নির্বাচনী প্রচাৰ অভিযানত নামি পৰিছে শাসকীয় দল বিজেপি৷ শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ নেতৃত্ব সলনিৰে ত্রিপুৰাক পুনৰ দখল কৰিবলৈ বিশেষ পৰিকল্পনা কৰা বিজেপিয়ে এইবাৰ ৰাজ্যখনৰ জনজাতীয় ভোটাৰৰ মন জয়ৰ চেষ্টা চলাইছে৷ এই লক্ষ্যৰে ৰাজ্যখনত আৰম্ভ কৰিছে বিজয় সংকল্প ৰেলী৷ শাসকীয় দলটোৱে এইবাৰ নির্বাচনত ৩৫খনকৈ বিজয় সংকল্প ৰেলী অনুষ্ঠিত কৰিব৷ দলটোৱে চলোৱা এনে যুদ্ধকালীন তৎপৰতাৰ মাজতে ৰাজ্যখনৰ দুখনকৈ নির্বাচনী সভাত অংশ লৈ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা– পূর্বতকৈ অধিক আসন লাভ কৰিব বিজেপিয়ে৷ ত্রিপুৰাৰ খোৱাই জিলাৰ কৃষ্ণাপুৰ সমষ্টি আৰু সুৰযা মানি নগৰ সমষ্টিৰ আমতলীত নির্বাচনী প্রচাৰ চলাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ১৬ ফেব্রুৱাৰীৰ বিধানসভা নির্বাচনৰ পাছত ত্রিপুৰাত বিজেপিয়ে পৰৱর্তী চৰকাৰ অকলশৰীয়াকৈ গঠন কৰিব৷ আনহাতে সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰৰ অধীনত যোৱা পাঁচটা বছৰত উত্তৰ–পূবৰ ৰাজ্যখনত যি ব্যাপক উন্নয়ন হৈছে, তাৰ বাবে এইবাৰ ভোটাৰ ৰাইজে পুনৰ বিজেপিক আঁকোৱালি ল’ব৷ যোৱা পাঁচ বছৰত হোৱা উন্নয়নৰ বাবে বিজেপিয়ে ত্রিপুৰাত পৰৱর্তী চৰকাৰ গঠন কৰাটো নিশ্চিত৷ এইবাৰ বিজেপিয়ে ৰাজ্যখনৰ একতা–উন্নয়ন আৰু জনসাধাৰণৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ নির্বাচনত অকলে যুঁজ দিয়াৰ সিদ্ধান্ত লৈছে৷
উল্লেখ্য যে ১৬ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ভোটগ্রহণৰ পূর্বে বিজেপিয়ে নির্বাচনী প্রচাৰ অভিযানত অৱতীর্ণ কৰাইছে দলৰ কেইবাজনো জ্যেষ্ঠ তথা শীর্ষ নেতাক৷ আনকি নির্বাচনী প্রচাৰৰ নেতৃত্ব লৈ নামি পৰিছে দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা৷ শুকুৰবাৰে ৰাষ্ট্রীয় সভাপতিগৰাকীৰ লগতে কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়েও প্রচাৰ অভিযান চলায়৷ ৰাষ্ট্রীয় সভাপতি নাড্ডাই এখন বৃহৎ নির্বাচনী সভা অংশগ্রহণ কৰি পুনৰ বিজেপিক শাসনলৈ অনাৰ বাবে ৰাইজক আহ্বান জনায়৷ তেওঁ কয় যে পাঁচ বছৰ পূর্বে ত্রিপুৰা সংঘর্ষ, বন্ধ আৰু অস্থিৰতাৰ বাবে জনাজাত আছিল৷ কিন্তু ত্রিপুৰাত উন্নয়ন, সংযোগ, আন্তঃগাঁথনি আৰু শান্তি দেখিবলৈ পোৱা গৈছে৷ তেওঁ কয়– নতুন আকাংক্ষাৰে ত্রিপুৰা থিয় দিছে দেশবাসীৰ ওচৰত৷ যোৱা পাঁচটা বছৰত ত্রিপুৰাই প্রমাণ কৰিবলৈ সক্ষম হৈছে যে ত্রিপুৰাৰ ৰাইজে এতিয়া উন্নয়নৰ সপোন দেখে৷ মন কৰিবলগীয়া যে এইবাৰ বিজেপিৰ বিৰুদ্ধে ত্রিপুৰাত ঐক্যবদ্ধ হৈছে কংগ্রেছ আৰু বাঁওপন্থী৷ আনহাতে জনজাতীয় ভোটাৰসকলক লক্ষ্য কৰি বিশেষভাৱে তৎপৰ হৈ পৰিছে প্রদ্যুৎ দেৱ বার্মাৰ আঞ্চলিক দল৷ এই দলটোৱে বিজেপিৰ বাবে প্রত্যাহ্বান সৃষ্টি কৰাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য কৰিয়েই বিজেপিয়ে এইবাৰ জনজাতীয় ভোটাৰক বিশেষভাৱে লক্ষ্য কৰি লৈছে৷ আনকি ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই জনজাতীয় ভোটাৰক উদ্দেশ্যি কয় যে এইবাৰ বাজেটত উত্তৰ–পূবৰ জনজাতীয় লোকৰ বাবে কেইবাটাও আঁচনি গ্রহণ কৰা হৈছে৷ জনজাতীয় লোকক আগুৱাই নিয়াৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰিছে কেইবাটাও পদক্ষেপ৷ বাজেটত এইবাৰ প্রায় ১৫ হাজাৰ কোটি টকা জনজাতীয় লোকৰ বিকাশৰ বাবে ধার্য কৰা হৈছে৷ ইফালে ত্রিপুৰাৰ মুখ্য বিৰোধী দল বাঁওমর্চাই আজি ইস্তাহাৰ প্রকাশ কৰি ক্ষমতালৈ আহিলে ২.৫ লাখ নতুন চাকৰিৰ লগতে পুৰণি পেন্সন আঁচনি বাহাল ৰখাৰো প্রতিশ্রুতি দিয়ে৷ ইয়াৰ লগতে দৰিদ্র জ্যেষ্ঠ নাগৰিকসকলক পেন্সন আৰু বছৰত দুবাৰকৈ চৰকাৰী কর্মচাৰীক মৰগীয়া বানচ দিয়াৰো প্রতিশ্রুতি দিয়ে৷ তদুপৰি ইস্তাহাৰত চাকৰি বাতিল হোৱা ১০ হাজাৰৰো অধিক শিক্ষকক পুনৰ নিযুক্তি আৰু ঠিকাভিত্তিক কর্মচাৰীসকলক নিয়মীয়াকৰণৰো প্রতিশ্রুতি দিয়ে৷
উল্লেখ্য যে ত্রিপুৰাত এইবাৰ নির্বাচনী যুঁজ যথেষ্ট আকর্ষণীয় হৈ পৰিছে৷ বিজেপিৰ বিৰুদ্ধে বিৰোধী কংগ্রেছ–বাঁওমর্চা ঐক্যবদ্ধ হোৱাৰ বিপৰীতে প্রদ্যুৎ বার্মাৰ আঞ্চলিক দলটোৱে অকলশৰে প্রতিদ্বন্দ্বিতাত নমাৰ ফলত নির্বাচনী সমীকৰণ যথেষ্ট জটিল হৈ পৰিছে ত্রিপুৰাত৷