নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ সাংস্কৃতিক অনুষ্ঠানত উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ নাৰায়ণপুৰত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূর্ণাংগ অধিৱেশনৰ পঞ্চমটো দিন৷ আৰম্ভণিৰে পৰা সকলো নিয়াৰিকৈ চলি থকাৰ মাজতে যোৱানিশা সংঘটিত হয় এক বিক্ষিপ্ত ঘটনা৷ জানিব পৰা মতে, সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ বাবে তেজপুৰৰ পৰা নিমন্ত্রণ কৰা হৈছিল এটা সাংস্কৃতিক দলক৷ পূর্বনির্ধাৰিত সূচী অনুসৰি সাংস্কৃতিক অনুষ্ঠানসমূহ অনুষ্ঠিত হোৱাৰ কথা আছিল সাংস্কৃতিক মঞ্চত৷ কিন্তু শেষ মুহূর্তত সাংস্কৃতিক মঞ্চৰ পৰিৱর্তে এই অনুষ্ঠানটো সাংস্কৃতিক উপ–সমিতিয়ে পৰিৱেশন কৰিবলৈ দিয়ে সাহিত্য সভাৰ মূল মঞ্চত৷ সাংস্কৃতিক দলটোৰ পৰা জানিব পৰা মতে ২৫ মিনিটৰ বাবে তেওঁলোকক অনুষ্ঠান পৰিৱেশন কৰিবলৈ দিয়াৰ কথা আছিল সমিতিৰ তৰফৰ পৰা৷ কিন্তু অনুষ্ঠান পৰিৱেশন কৰি থকা সময়তে ১০ মিনিট পাৰ হওঁতেই সাংস্কৃতিক উপ–সমিতিৰ একাংশ সদস্যই তেওঁলোকক অনুষ্ঠান সামৰিবলৈ কয়৷ কিন্তু তেওঁলোকে মাজতে অনুষ্ঠান সামৰিব নোৱাৰাত সমিতিৰ সদস্যকেইজনে বেয়া শব্দ প্রয়োগ কৰি গালি পৰাৰ লগতে আধাতে গান বন্ধ কৰি দিয়াৰ উপৰি বহু তিৰস্কাৰ কৰে দলটোক৷ লগতে সাংস্কৃতিক দলটোৱে জনায় যে সুৰামত্ত অৱস্থাত তেওঁলোকক অপমান কৰে৷ সুৰামত্ত সদস্যই জোৰ–জবৰদস্তি হাতত ধৰি নমাই দিয়ে মঞ্চৰ পৰা৷ উল্লেখ্য যে নৃত্যৰ জৰিয়তে তেজপুৰৰ ঐতিহ্য প্রকাশ কৰিবলৈ চেষ্টা কৰা দলটোৰ সকলোৱেই আছিল চেমনীয়া৷ আধাতে মঞ্চৰ পৰা নামি আহি আদৰণী সমিতিৰ বিৰুদ্ধে তীব্র ক্ষোভ উজাৰিলে দলটোৱে৷ উক্ত বিষয় সন্দর্ভত আজি বিহপুৰীয়া সমষ্টিৰ বিধায়ক তথা আদৰণী সমিতিৰ সভাপতি ড০ অমিয় কুমাৰ ভূঞাই সংবাদ মাধ্যমক জনায় যে নিশা নিমন্ত্রিত শিল্পীৰ দ্বাৰা সংগীত পৰিৱেশন কৰিব লগা হেতুকে তেওঁলোকক সময় মিলাবৰ বাবে কিছুসময় কমাই দিয়া হৈছিল৷

You might also like