নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পন্ন হ’ল ভাৰতৰ অন্যতম কনিষ্ঠ সাংসদ আগাথা চাংমাৰ বিয়া

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ বৃহস্পতিবাৰে সম্পন্ন হ’ল লোকসভাৰ সাংসদ আগাথা চাংমাৰ বিয়া । দীৰ্ঘদিনৰ প্ৰেমিক ডা০ পত্ৰিক ৰংগমা মাৰাকৰ সৈতে বৃহস্পতিবাৰে বিবাহ পাশত আৱদ্ধ হয় সাংসদগৰাকী। লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ আগিটক চাংমাৰ জীয়ৰী আগাথা হ’ল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু গৃহমন্ত্ৰী জেমছ কে চাংমাৰ ভগ্নী। ইপিনে তুৰাৰ ছেক্ৰড হাৰ্ট শ্ৰাইনত অনুষ্ঠিত এই বিবাহ অনুষ্ঠানত পত্নীসহ উপস্থিত থাকে অসমৰ বিত্ত, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ভাৰতৰ অন্যতম কনিষ্ঠ সাংসদগৰাকীৰ বিবাহ অনুষ্ঠানত উপস্থিত থাকি শুভেচ্ছা প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

You might also like