নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূর্বাঞ্চলৰ শক্তিখণ্ডলৈ ৬,৭০০ কোটি

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ  উত্তৰ–পূর্বাঞ্চলৰ বৈদ্যুতিক খণ্ডৰ উন্নয়নত কেন্দ্রীয় চৰকাৰে ৬,৭০০ কোটি টকাৰ এক সংশোধিত পুঁজি নির্ধাৰণ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অর্থনৈতিক সংক্রান্তীয় কেবিনেট কমিটীৰ বৈঠকত এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ উত্তৰ–পূর্বাঞ্চল শক্তি ব্যৱস্থাপনা উন্নয়ন প্রকল্পৰ (নর্থ ইষ্টার্ন ৰিজি’ন পাৱাৰ ছিষ্টেম ইম্প্রুভমেণ্ট প্রজেক্ট)ৰ অধীনত অহা বছৰ অর্থাৎ ২০২১ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত উক্ত বুজন পৰিমাণৰ ৰাশি ব্যৱহাৰ কৰি আন্তঃৰাজ্যিক বিদ্যুৎ যোগান ব্যৱস্থা শক্তিশালী কৰি তোলা হ’ব৷

লক্ষণীয়ভাৱে অৰুণাচল প্রদেশক বাদ দি উত্তৰ–পূর্বাঞ্চলৰ ছখন ৰাজ্য ক্রমে অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্রিপুৰাত এই আঁচনি ৰূপায়ণ কৰা হ’ব৷ কেবিনেট সিদ্ধান্তৰ পিছত জাৰি কৰা এক প্রেছ বিজ্ঞপ্তিত কোৱা হৈছে যে বিদ্যুৎ খণ্ডৰ এই আঁচনিৰ জৰিয়তে সামগ্রিকভাৱে উত্তৰ–পূর্বাঞ্চলৰ অর্থনৈতিক উন্নয়ন সম্ভৱ কৰি তোলা হ’ব৷ আঁচনিটোৱে উত্তৰ–পূর্বাঞ্চলত জনমূৰি বিদ্যুৎ বৃদ্ধি কৰিব৷ মন কৰিবলগীয়া যে ২০১৪ চনৰ ডিচেম্বৰ মাহত প্রথমবাৰৰ বাবে এই প্রকল্পটোত অনুমোদন জনোৱা হৈছিল যদিও বিশেষ অগ্রগতি লাভ কৰা নাছিল৷ বিশ্ব বেংক আৰু কেন্দ্রীয় চৰকাৰে পঞ্চাশ শতাংশকৈ ইয়াৰ ব্যয় ভাৰ গ্রহণ কৰিব বুলি চৰকাৰী প্রেছ বিজ্ঞপ্তিখনত প্রকাশ কৰা হৈছে৷

You might also like