নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ আস্থা হেৰুৱাইছে অগপ নেতৃত্বই

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ  বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অগপত চলি অহা বিদ্রোহৰ জুইকুৰা অধিক তীব্রতৰ হৈ পৰিছে৷ দলীয় নেতৃত্বৰ কাম–কাজ আৰু ভূমিকাত আস্থা হেৰুৱাই পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্র ডেকাই দলত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰাৰ দিনটোতে দলীয় নেতৃত্বক লৈ মুকলি বিদ্রোহ কৰিছে দলটোৰ প্রতিষ্ঠাপক সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই৷ মহন্তই বর্তমানৰ দলীয় নেতৃত্বই জনতাৰ আস্থা হেৰুৱাই গৈ আছে বুলি মন্তব্য কৰাই নহয়, সমষ্টিয়ে সমষ্টিয়ে বাইক ৰেলী কৰিলেই ভোট নাহে বুলি স্পষ্ট কৰি দি দলৰ ভয়াৱহ ভৱিষ্যতৰেই আগজাননী কৰে৷ তেওঁ আৰু কয় যে বর্তমানৰ দলৰ কেইবাজনো বিধায়ক আসন্ন নির্বাচনত টিকটক লৈ শংকিত হৈ আছে৷ ই দলৰ যথেষ্ট ক্ষতি কৰিছে৷ নেতৃত্বই এই কথা বুজা উচিত৷ তেওঁৰ বঢ়মপুৰ সমষ্টিত কংগ্রেছ–বিজেপি একলগ হোৱাৰো গুৰুতৰ অভিযোগ কৰি কয় যে সম্প্রতি অগপ নেতৃত্বই তেওঁক কোনো কথা নজনায়৷ সভা–সমিতিলৈও নামাতে৷ সেয়ে তেওঁ অসম আন্দোলনৰ পুৰণা সতীর্থসকলক লৈ এখন অভিৱর্তন অনুষ্ঠিত কৰিব৷ সেইদৰে আছুৰ প্রাক্তন সাধাৰণ সম্পাদক তথা আজি অসম জাতীয় পৰিষদত যোগদান কৰা লুৰিণজ্যোতি গগৈৰ প্রসংগত তেওঁ কয় যে লুৰিণজ্যোতি এটা ভাল ল’ৰা৷ লুৰিণে অগপৰ বিস্তৰ ক্ষতি কৰিব৷

আনহাতে বিধায়ক পবিন্দ্র ডেকাৰ দলত্যাগৰ সম্পর্কত তেওঁ কয় যে ডেকাৰ দলত্যাগ ব্যক্তিগত সিদ্ধান্ত৷ দলত্যাগৰ বিষয়ে ঘোষণাৰ পূর্বে আমাৰ সৈতে কোনো যোগাযোগ কৰা নাই৷ হয়তো তেওঁ অহা বিধানসভা নির্বাচনত টিকটৰ পৰা বঞ্চিত হ’ব বুলি জানিব পাৰিয়েই দলত্যাগ কৰিছে৷ তেওঁ আৰু কয় যে বিজেপিয়ে বিপিএফক বাদ দিলেও অগপক বাদ দি কেতিয়াও চৰকাৰ কৰিব নোৱাৰে৷ সেয়েহে বিজেপিয়ে কেইজনমানক মন্ত্রী আৰু চেয়াৰমেন দি মিত্রতা অব্যাহত ৰাখিছে৷ দুর্নীতিৰ ক্ষেত্রত শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত দুর্নীতিয়ে আকাশ চুইছেগৈ৷ ইফালে, অগপৰ সভাপতি অতুল বৰাই সদ্যপদত্যাগী পবিন্দ্র ডেকাক আৱর্জনা আখ্যা দি কয় যে দলক নতুনক আদৰিব লাগিলে পুৰণি আৱর্জনা আঁতৰাব লাগিব৷

পবিন্দ্র ডেকা কেতিয়াবাই অগপৰ মনৰ পৰা আঁতৰি গৈছে৷ তেওঁ দলীয় নীতি–নিয়ম মানি চলা নাছিল৷ বহু সময়ত দলৰ ঊর্ধ্বত গৈ তেওঁ মন্তব্য আগবঢ়াইছিল৷ ইয়াৰ পূর্বেও তেওঁ অগপ এৰি বহু ঘূৰি–পকি অগপলৈ আহিছিল৷ এসময়ত তেওঁ কংগ্রেছ দললৈও গৈছিল৷ পিছত পুনৰ অগপলৈ আহিল যদিও স্বভাৱ–চৰিত্র সলনি নহ’ল৷ স্বভাৱ সলনি হোৱা বুলি ভাবি তেওঁক ২০১৬ত টিকট দিয়া হৈছিল৷ পবিন্দ্র ডেকাৰ অগপ ত্যাগে দলক কোনো ক্ষতি নকৰে বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে দলত মানুহ আহে, দলৰ পৰা যায়, এয়া নতুন কথা নহয়৷ তেনে লোক আঁতৰি গ’লেও দলৰ লোকচান নহয়৷ বৰং তেনে ব্যক্তি থকা বাবে দললৈ মানুহ অহা নাছিল৷ পবিন্দ্র ডেকা কোন, সেয়া পাটাছাৰকুছি সমষ্টিলৈ গ’লেই গম পোৱা যায়৷ পবিন্দ্র ডেকাৰ কথাত মই কাম নকৰোঁ৷ ডেকাৰ মতে অসমৰ ৰাইজ নচলে৷ সভাপতি বৰাৰ মতে, অগপক নতুন ৰূপত প্রতিষ্ঠা কৰি ৰাইজৰ মাজলৈ লৈ যাব লাগিব৷ যি উদ্দেশ্য লৈ দল গঠন কৰা হৈছিল, সেই উদ্দেশ্যত এতিয়াও উপনীত হ’ব পৰা নাই৷ বিদেশী চিনাক্ত কৰি বিতাড়ন কৰিব লাগিব৷ সমস্যাৰ সৃষ্টি কৰা নহয়, সমাধান কৰাটোহে অগপৰ কাম৷ আমি আশাবাদী৷ এতিয়াও ৰাইজ আমাৰ লগত আছে৷ পৰিৱর্তিত পৰিস্থিতিত ক্ষমতা দখল মোৰ লক্ষ্য নহয়৷ খিলঞ্জীয়াৰ সম–বিকাশ আৰু ভাষা সুৰক্ষাৰ কাৰণে আমি পদক্ষেপ গ্রহণ কৰিছোঁ৷

অসম চুক্তিৰ ৬নং দফা কার্যকৰী কৰাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রীয়ে আশ্বাস দিছে৷ ‘কা’ সন্দর্ভতো আমাৰ স্থিতি স্পষ্ট– আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে৷ এই বিষয়ত আমাৰ নতুনকৈ ক’ব লগা একো নাই৷ অসম জাতীয় পৰিষদ সন্দর্ভত তেওঁ কয়– ‘আন্দোলনৰ জুইত ৰাজনীতি নহয়৷ আন্দোলনৰ উদ্দেশ্য মন্ত্রী–বিধায়ক হোৱা বা ক্ষমতা দখল কৰা নহয়৷ বহু আঞ্চলিক ৰাজনৈতিক দল এআইইউডিএফ আৰু কংগ্রেছৰ ঔৰসত জন্ম হৈছে৷ গতিকে সেইবোৰ আমাৰ প্রতিদ্বন্দ্বী হ’ব নোৱাৰে৷’ মুঠতে বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত অগপত বিদ্রোহ তুংগত উঠিছে৷

You might also like