নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত দুর্ঘটনাত আৰক্ষী কনিষ্টবলৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৩১ মার্চ: নির্বাচনৰ প্রচাৰ অভিযানৰ মাজতে নলবাৰীৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ সন্ধাত মঙলবাৰে সংঘটিত এক পথ দুর্ঘটনাত এজন আৰক্ষী জোৱানৰ মৃত্যু হয়৷ আৰক্ষী জোৱানজন হ’ল নলবাৰী সদৰ থানাত কর্মৰত অচ্যুত বর্মন (৪৫)৷

নলবাৰীৰ সন্ধাত ৩১নং ৰাষ্ট্রীয় ঘাইপথত এ এছ ১৪ ২৫ ডি চি–৪৩৭৩ নম্বৰৰ বলেৰ’ পিক–আপ ভেনখনে মহটিয়াই লৈ যায় আৰক্ষী কনিষ্টবল বর্মনক৷ ঘটনাস্থলীতে মৃত্যু হয় বর্মনৰ৷

নলবাৰী অসামৰিক চিকিৎসালয়ৰ আৰক্ষী চকীৰ পৰা কর্তব্য সম্পাদন কৰি এ এছ ১৪ বি–৭৯১৬ নম্বৰৰ বাইকখনেৰে বাসগৃহ ঘগ্রাপাৰৰ সমীপৰ আহিনপুৰলৈ গৈ থাকোঁতে ঘটে অঘটনটো৷

You might also like