অৰুণাচলত দুৰ্ঘটনাত পতিত সেনাৰ হেলিকপ্টাৰ; উদ্ধাৰ অভিযান অব্যাহত
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ: অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ চিঙিং গাঁৱৰ সমীপত শুকুৰবাৰে ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। চিঙিংৰ সমীপত ‘HAL Rudra’ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত চলি আছে অনুসন্ধান আৰু উদ্ধাৰ অভিযান। সূত্ৰ অনুসৰি দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত দুজন পাইলটসহ মুঠ ৫ জন লোক আছিল।
ৰুদ্ৰ হৈছে ভাৰতীয় সেনাৰ বাবে হিন্দুস্তান এৰোনটিক্স লিমিটেডে (HAL) নিৰ্মিত এখন আক্ৰমণাত্মক হেলিকপ্টাৰ। ই হৈছে ধ্ৰুৱ এডভান্সড লাইট হেলিকপ্টাৰ (ALH) ৰ ৱেপন চিষ্টেম ইন্টিগ্ৰেটেড (WSI) Mk-IV ভেৰিয়েণ্ট।