নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত ইটা ভাটাত শিশু শ্ৰমিক নিয়োগ

নিয়মীয়া বাৰ্তা, ২১-অক্টোবৰ: শিশু শ্ৰমিক বিৰোধী আইনক ধোঁৱাচাঙত তুলিছে  ৰূপহীহাটৰ সমষ্টিৰ অন্তৰ্গত গৰিষ্ঠসংখ্যক ইটা ভাটাৰ মালিক পক্ষই। ৰাজ্য চৰকাৰৰ শিশু শ্ৰমিক বিৰোধী আইন বলৱৎ থকাৰ পাছতো ইটা ভাটা সমূহত শিশু শ্ৰমিক নিয়োজিত হৈ থকাৰ দৃশ্য‌ই সকলোৰে চকু কপালত তুলিছে। জিলা প্ৰশাসন তথা ৰাজহ চক্ৰ বিষয়াৰ আওঁকনীয়া মনোভাৱৰ বাবেই ইটা ভাটাৰ মালিক পক্ষই কম মজুৰিতে শিশু শ্ৰমিক নিয়োজিত কৰি চলাই গৈছে ৰমৰমীয়া ব্যৱসায়। যিটো সময়ত এইসকল শিশুৱে ফলি-পুথি লৈ বিদ্যালয়লৈ যাব লাগিছিল, সেই সময়তে শিশু শ্ৰমিকসকলে পেটৰ তাৰণাত কৰিব লগা হৈছে দিন হাজিৰাৰ দৰে কষ্টকৰ কাম । ইটা ভাটাৰ মালিকে শ্ৰমিক হিচাপে নিয়োজিত কৰাৰ দৃশ্য বন্দী হৈছে সাংবাদিকৰ কেমেৰাত। এই দৃশ্য ৰূপহীহাটৰ গড়াজানৰ এমএ  ইটা ভাটাৰ। পখিলা খেদাৰ বয়সৰ এই শিশুসকলক নিয়োগ কৰা এমএ ইটা ভাটাৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে নগাঁও শ্ৰম বিভাগে এতিয়ালৈ গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা । অকল এমএ ইটা ভাষাই নহয়  কেএন নামৰ ইটা ভাটায়ো বিনাদ্বিধাই ফুলকুমলীয়া বহু শিশু শ্ৰমিক নিয়োগ কৰিছে। স্থানীয় ৰাইজে প্ৰশাসন তথা চাইল্ড লাইনক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি শিশু শ্ৰমিকৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে।
You might also like