নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ-ইউডিএফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ২০২৪ৰ ভিতৰত ঘৰে ঘৰে খোৱাপানী : মন্ত্ৰী অতুল বৰা

নিয়মীয়া বার্তা, ২১ অক্টোবৰঃ আগন্তুক দেউৰী স্বায়ত্ত পৰিষদ নিৰ্বাচনত পুনৰ কংগ্ৰেছ শূন্য হ’ব। বিজেপি আৰু অগপ মিত্ৰজোঁট দলে ২২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰে ১৮ বিজেপি আৰু ৪খনত অগপ। বিৰোধীশূন্য কৰি ২২খন আসনতেই জয় লাভ কৰিব বিজেপি অগপৰ প্ৰাৰ্থীয়ে। ধাৰাবাহিকভাৱে নিৰ্বাচনত চাৰিবাৰ হৰাৰ পাছতো ভূপেন বৰাই বিপুৰীয়া সমষ্টিটোক নিজৰ সমষ্টিৰ বুলি কোৱাৰ অধিকাৰ নাই। পাৰে যদি বিহপুৰীয়া সমষ্টিত দেউৰী স্বায়ত্ত নিৰ্বাচনত কংগ্ৰেছে এটা শাসনত জয় লাভ কৰি দেখুৱাক- আজি বোকাখাতৰ মাজচাপৰিত জল জীৱন মিছনৰ এটা পানী যোগান আঁচনি উদ্বোধন কৰি কংগ্ৰেছ দলটোক তীব্ৰ সমালোচনা কৰি এনেদৰে কয় পৰ্যটন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ইপিনে দেউৰী স্বায়ত্ত স্বায়ত্ত পৰিষদ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এ ইউ ডি এফে বিৰোধীক এক গোট হবলৈ পুনৰ আহ্বান জনোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী বৰুৱাই কয় যে কংগ্ৰেছ আৰু এ ইউ ডি এফ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। কংগ্ৰেছ আৰু এ ইউ ডি এফ দুয়োটা দলেই জন্মলগ্নৰ পৰাই একেলগে আছে। মাত্ৰ ৰাইজৰ চকুত ধূলি দি মাজে মাজে ইটোৱে সিটোৰ লগত অমিল দেখাই নাটক কৰি থাকে। কংগ্ৰেছ আৰু এ ইউ ডি এফৰ মাজত মিল নাই বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৈ থকাটোও অন্য এক নাটক। ভূপেন বৰাৰ মতে অসম প্ৰদেশ কংগ্ৰেছ নচলে, গান্ধী পৰিয়ালৰ মতেহে কংগ্ৰেছ চলে। নিজৰ নিয়ন্ত্ৰণত দলটোক ৰখাৰ স্বাৰ্থত গান্ধী পৰিয়ালৰ মতে উঠা বহা কৰা এগৰাকী ৮০ বছৰীয়া কংগ্ৰেছীক ভাৰতীয় কংগ্ৰেছৰ সভাপতি পাতিছে বুলিও কয় মন্ত্ৰী বৰুৱাই। বিজেপিয়ে অসমত কংগ্ৰেছে বিৰোধী দল হিচাপে থকাটো বিচাৰে যদিও এ ইউ ডি এফ দলেহে বিৰোধী দললৈ আগ বাঢ়িছে, এইয়া অসম অসমীয়া বাবে শুভ লক্ষণ নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী বৰুৱাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি স্থানীয় বিধায়ক তথা কৃষি, পশু পালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত মাজ চাপৰি পানীযোগান আঁচনিখন উদ্বোধন কৰি উদ্বোধনী সভাত কয় ইতিমধ্যে ৰাজ্যখনৰ ২৫ লাখ লোকৰ ঘৰলৈ নলযোগে বিশুদ্ধ পানী যোগান ধৰা হৈছে। দেশ স্বাধীন হোৱাৰ ৭০ বছৰ পাছত পূৰ্বৰ চৰকাৰসমূহে মাত্ৰ ১ লাখ লোকৰ ঘৰলৈ নল যোগে পানী সংযোগ কৰিছিল। কম সময়ৰ ভিতৰত ২৫ লাখ লোকৰ ঘৰলৈ নলযোগে বিশুদ্ধ পানী যোগান ধৰিবলৈ সক্ষম হোৱাটো বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ অন্য এক সফলতা। ৰাইজক স্থায়ী ভাৱে বিশুদ্ধ খোৱা পানী যোগান সুনিশ্চিত কৰাৰ স্বাৰ্থত অসমত অচিৰেই গুনোৎসৱৰ আৰ্হিত  জলোৎসৱ আৰম্ভ কৰা হ’ব। আনহাতে পৰ্যটন বিভাগৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰি ৰাজ্যখনলৈ অহা দেশী-বিদেশী পৰ্যটকসকলৰ আগত কোনো ধৰণ বেয়া পৰিস্থিতি সৃষ্টি কৰি অসমখনক বদনাম নকৰিবলৈ অনুৰোধ জনাই এই ক্ষেত্ৰত সকলোকে সচেতন হবলৈ আহ্বান জনায় মন্ত্ৰী বৰুৱাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শণত ব্যৱহাৰ কৰা জীপ ছাফাৰি ব্যৱস্থা অধিক উন্নত কৰাৰ বাবে ৰাজসাহায্য মূল্যত নতুন জীপ আগবঢ়োৱাৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কয় মন্ত্ৰী বৰুৱা । তদুপৰি শীঘ্ৰে  টুৰিষ্ট গাইডসকলক উন্নত মানৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ কথাও অৱগত কৰে মন্ত্ৰীগৰকীয়ে। উদ্বোধনী সভাত কৃষি মন্ত্ৰী অতুল বৰাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০২৪ চনৰ ভিতৰত গ্ৰামাঞ্চলৰ ঘৰে ঘৰে খোৱাপানী যোগানৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে “জল জীৱন মিছন” আঁচনিখনৰ সফল ৰূপায়ণৰ বাবে অতি তৎপৰতাৰে কাম কৰি আছে বুলি কয়। ইপিনে পানী যোগান আঁচনি সমূহক চৰকাৰৰ আঁচনি বুলি নাভাবি নিজৰ সম্পদ হিচাপে জ্ঞান কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। ইপিনে দুয়োগৰাকী মন্ত্ৰীয়ে এজোপাকৈ গছ পুলিও ৰোপন কৰে। উদ্বোধনী সভাৰ আদৰণি ভাষণ প্ৰদান কৰে গোলাঘাট জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে। অসম সংগীতেৰে আৰম্ভ হোৱা উদ্বোধনী সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীক্ষক অভিযন্তা বিজিত দত্তই শলাগ জ্ঞাপন কৰাৰ পাছতে ৰাষ্ট্ৰীয় সংগীত সমূহীয়াকৈ পৰিৱেশন কৰি সভাৰ অন্ত পৰে। সভাত গোলাঘাট জিলা পৰিষদৰ সভানেত্ৰী হেলিনা পেগু দলে, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, আঞ্চলিক পঞ্চায়তৰ সদস্য ববিতা পেগু, গুলোং টেমেৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী জয়ন্তী লয়িং, গোলাঘাট জিলা বিজেপিৰ সভাপতি দেবপ্ৰদীপ বৰা, ৰাজ্যিক বিজেপিৰ অনিমেশ শইকীয়া, বোকাখাত অগপৰ সম্পাদক সুৰেন বৰি, গোলাঘাট জিলা আৰু বোকাখাত মহকুমা প্ৰশাসনৰ বিষয়াকে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি  আৰু অঞ্চলটোৰ প্ৰায় তিনি শতাধিক জনতা উপস্থিত থাকে। উল্লেখযোগ্য যে ২০২২-২৩ বৰ্ষৰ জল জীৱন অভিযানৰ অধীনত ১২৯.৯৪ লাখ টকা ব্যয়সাপেক্ষে ৰূপায়ন কৰা এই আঁচনিৰ দ্বাৰা গুলোং টেমেৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজ চাপৰিৰ ১৫৫ ঘৰ লোক উপকৃত হ’ব। ফটো দিয়া আছে।
প্ৰেৰক পৱন কামান
You might also like