১৯৬২ৰ চীন–ভাৰত যুদ্ধ স্থানত পুনৰ উত্তেজনাঃ অৰুণাচলৰ দুর্গম সীমান্তত পথ নির্মাণ ভাৰতৰ
নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ অপ্রকাশ্য৷ যেন যুদ্ধৰ বাবে সাজু হৈছে ভাৰতীয় সেনা৷পূর্বৰ তুলনাত সেনাৰ সঞ্চালন অধিক বৃদ্ধি কৰা হৈছে অৰুণাচলৰ ভাৰত–চীন সীমান্তত৷ মুঠৰ ওপৰত ৰঙা চীনক সকলো প্রকাৰে প্রতিহত কৰিবলৈ সাজু ভাৰতীয় সেনা৷ ভাৰতৰ অখণ্ডতা, সার্বভৌমত্ব, জীৱন আৰু সম্পত্তি ৰক্ষাৰ প্রতিশ্রুতিৰে ড্রেগনৰ দেশত ভাৰতীয় সেনাৰ ৰঙাচকু৷ হয়, ড্রেগনৰ দেশ চীনে যোৱা বর্ষত ভাৰত–চীন সীমান্তৰ লাডাখৰ লগতে অৰুণাচলৰ ভালেকেইটা স্থানত তেওঁলোকৰ সেনাৰ সঞ্চালন বৃদ্ধি কৰাৰ উপৰি অনুপ্রৱেশেৰে ভাৰতীয় সেনাৰ সৈতে হতাহতি হোৱাৰ খবৰে সমগ্র বিশ্বতে প্রতিক্রিয়া সৃষ্টি কৰিছিল৷ চলিত বর্ষৰ ৭ ছেপ্ঢেম্বৰত চীনৰ পি এল এয়ে (পিপল্ছ লিবাৰেচন আর্মী) অৰুণাচলৰ আপাৰ সোৱণশিৰি জিলাৰ দাপৰিজ’ৰ পৰা ১২০ কিঃমিঃ নিলগৰ তথা মেকমোহন লাইনৰ ১২ কিঃমিঃ নিলগৰ নাচুৰ পৰা পাঁচগৰাকীকৈ অৰুণাচলৰ লোকক অপহৰণ কৰি নিছিল৷ উক্ত লোককেইজন ভাৰতীয় সেনাৰ পর্টাৰ হিচাপে কর্মৰত বুলি সেনাই প্রকাশ কৰিছিল৷ সেই পাঁচগৰাকী লোক চিকাৰত গৈ ভুলবশতঃ মেকমোহন লাইন পাৰ হৈ চীন অধ্যুষিত অঞ্চলত প্রৱেশ কৰে৷ চীনৰ বৈদেশিক মন্ত্রালয়ে দাবী কৰা মতে, উক্ত অঞ্চল চীনৰ অধ্যুষিত দক্ষিণ তিব্বতৰ অন্তর্ভুক্ত৷ সেয়ে অনধিকাৰ প্রৱেশৰ বাবে তেওঁলোকক জিম্মাত লোৱা হৈছিল৷পৰৱর্তী সময়ত অপহৰণ কৰা লোককেইজনক ভাৰত–চীন সীমান্তৰ অৰুণাচলৰ দিবাং ভেলীৰ সদৰ আনিনিত (চীন সীমান্ত) ভাৰতীয় সেনাক গতাই দিয়া হয়৷ ভাৰতৰ ইষ্টার্ন ছেক্টৰৰ প্রায় ৯০,০০০ বর্গকিঃমিঃ চীনে দীর্ঘদিনৰ পৰা নিজৰ বুলি দাবী কৰি অহা বিষয়টোৱে ভাৰতক যথেষ্ট উদ্বিগ্ণ কৰি তুলিছে আৰু ইয়াকে লৈ বর্তমানে সংঘাত বৃদ্ধি পোৱা বিষয়টোৱে আন্তঃৰাষ্ট্রীয় পর্যায়ত চর্চা লভিছে৷ সেয়ে চীনৰ চূডান্ত হঠকাৰিতাৰ বাবে দেশৰ প্রধানমন্ত্রী মোদীৰ লগতে বৈদেশিক মন্ত্রালয়, প্রতিৰক্ষা মন্ত্রালয়ে ভাৰত–চীন সীমান্তৰ সমগ্র এলেকাত তীক্ষ্ণদৃষ্টি ৰাখি চীনৰ সকলো গতি–বিধিৰ ওপৰত চোকা নজৰ ৰাখিছে৷ চীনক ভাৰতে সতর্ক কৰি দিয়াৰ পিছতো চীনে ভ্রূক্ষেপ নকৰাৰ বাবে এইবাৰ ভাৰতে যুদ্ধংদেহি মনোভাব গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ তাৰেই প্রমাণ পোৱা গৈছে ভাৰতৰ পূব প্রান্তৰ শেষৰ অৰুণাচলৰ আনাজাও জিলাৰ কিবিথু অঞ্চলত৷ কিবিথু বা কিবিতু সমুদ্রপৃষ্ঠৰ পৰা প্রায় চাৰি হাজাৰ কিঃমিঃত অৱস্থিত এখন সৰু বস্তি৷অৰুণাচলৰ আনজাও জিলাৰ শেষ প্রান্তৰ চীনা সীমান্তত অৱস্থিত তথা ডিব্রুগডৰ পৰা প্রায় ৩৭৫ কিঃমিঃ পূবত থকা এখন সেনা অধ্যুষিত এক বিশেষ বস্তি (গাঁও)৷এসময়ত সেনাৰ সহায়ক হোৱাকৈ থকা, পর্টাৰ হিচাপে কর্মৰত মিচিমি, মেয়ৰ জনগোষ্ঠীয় লোকৰ কেৱল ২০টামানহে পৰিয়াল কিবিথু অঞ্চলত সেনাৰ বেষ্টনীত সুৰক্ষিত হৈ আছে৷ উক্ত অঞ্চলৰ পৰা চীন সীমান্তলৈ আকাশমার্গেৰে প্রায় ৩/৪ কিঃমিঃ দূৰত্ব৷ লোহিত নদীৰ এক দুর্গম পাহাৰৰ টিলাত থকা এই কিবিথু অঞ্চলৰ নদীৰ আনটো পাৰে আছে ভাৰত সীমান্তৰ শেষ গাঁও (বস্তি) কা’হো৷ উক্ত বস্তিত মিচিমি জনগোষ্ঠীয় প্রায় ৭০/৮০জন লোক কৃষিৰ ওপৰতে স্বনির্ভৰশীল হৈ জীৱন যাপন কৰি আহিছে৷ সেই গাঁৱৰ পৰাই সুস্পষ্টভাৱে চীনৰ ভূখণ্ড দৃষ্টিমান হোৱাৰ লগতে চীন সেনাৰ সঞ্চালন দৃষ্টিগোচৰ হয়৷ অতি শান্ত–সৌম্য পৰিৱেশত থকা মিচিমি জনগোষ্ঠীয় লোক বা স্থানীয় লোক, সেনাৰ বাহিৰে কোনো সাধাৰণ লোকক সেনাৰ বিনানুমতিত উক্ত বস্তিত প্রৱেশ কৰিবলৈ দিয়া নহয়৷ মুঠৰ ওপৰত ৱালঙৰ পৰিসীমাৰ ভিতৰত থকা কা’হো, কিবিথু, সাৰতি, ৱাচং, মোচাইবস্তিকে আদি কৰি সমগ্র এলেকা ভাৰতীয় সেনাৰ অধীনত আছে৷ লগত আছে আই টি বি পি (ইণ্ডিয়ান তিবেতিয়ান ব’ডাৰ পুলিচ)ৰ শেনচকু৷ ৱালঙৰ লোহিত নদীৰ তীৰত সেনাৰ হেলিপেড থকাৰ দৰে কিবিথুতো লোহিত নদীৰ পাৰত একেলগে ৪/৫খন হেলিকপ্ঢাৰ অৱতৰণ কৰিব পৰাকৈ কিছু বছৰৰ পূর্বে সাজু কৰি তোলা হৈছে এ এল জি৷ এই অঞ্চলৰ বাবে সেনাৰ নিকটৱর্তী বায়ুসেনাৰ ঘাটি হ’ল ক্রমে তেজপুৰ আৰু ডিব্রুগডৰ দিনজান বায়ুসেনা৷ এই দুই সামৰিক বিমানঘাটিৰ পৰা অত্যাধুনিক যুঁজাৰু বিমান দুই/তিনি মিনিটতে চীন সীমান্তত আক্রমণ কৰি পুনৰ বেচ কেম্পলৈ ঘূৰি আহিব পাৰে৷ মন কৰিবলগীয়া যে ’৬২ৰ যুদ্ধৰ সময়ত ব্যৱহূত সেনাৰ বাংকাৰসমূহ পৰিষ্কাৰ কৰাৰ লগতে নতুনকৈ বহু বাংকাৰ সাজি উলিওৱা হৈছে৷
ইয়াৰ সমান্তৰালকৈ অত্যন্ত দুর্গম পাহাৰীয়া একমাত্র পথটো বর্ধিত কৰি থকাৰ প্রয়াস কৰাৰ লগতে ভালেকেইটা সংযোগী অৰুণাচলৰ পাহাৰীয়া পথ নির্মাণৰ কাম দিনে–নিশাই দ্রুতগতিত চলি থকা পৰিলক্ষিত হয়৷ কোনো উগ্রপন্থীৰ আঁচোৰ নপৰা উক্ত অঞ্চলত শত্রু ৰাষ্ট্রই কৰিব পৰা অতর্কিত আক্রমণ যাতে প্রতিহত কৰিব পৰা যায়, তাৰ বাবে ভাৰতীয় সেনাৰ গতি–বিধি বা সঞ্চালন সকলো দিশতে বৃদ্ধি কৰি তোলা হৈছে৷ ১৯৬২ চনত ৰঙা চীনে সংগোপনে অৰুণাচলৰ বিভিন্ন স্থানৰ লগতে এই ৱালঙৰ হেলমেট ট’প পাহাৰ বগাই ভাৰতীয় সেনাৰ ওপৰত অতর্কিতে আক্রমণ চলাইছিল৷ ভাৰতীয় সেনাৰ গোর্খা ৰেজিমেণ্ট, ডাহ ৰেজিমেণ্ট, কুমাও ৰেজিমেণ্ট, শিখ ৰেজিনেণ্টৰ সেনাই চীনৰ লগত তুমুল যুদ্ধত লিপ্ত হৈ বহু বীৰ জোৱান শ্বহীদ হোৱাৰ পিছত চীনক পৰাভূত কৰিবলৈ সক্ষম হৈছিল৷ হেলমেট ট’পৰ পাদদেশত থকা পাইনগছসমূহে আজিও সেই ’৬২ যুদ্ধৰ সাক্ষ্য বহন কৰি আছে৷ ৱালঙৰ স্থানীয় মিচিমি যুৱক কংকণ তামায়ে আমাৰ আগত প্রকাশ কৰা মতে, সেই সময়ত যুদ্ধত ব্যৱহূত গুলী আজিও সেই পাইন গছসমূহত সোমাই থকাত কোনো বৈদ্যুতিক যন্ত্রৰ সহায়তো কাটিব পৰা হোৱা নাই৷ কিছুমান গছ প্রাকৃতিকভাৱে নষ্ট হোৱাৰ পিছত বাকীবোৰ সংৰক্ষণ কৰি ৰখা হৈছে৷ ৱালঙত বীৰ জোৱানসকলৰ স্মৃতি ৰক্ষার্থে স্মৃতিসৌধ অলপতে নির্মাণ কৰি উন্মোচন কৰাৰ লগতে নামতি প্লেইনছত আন এটা স্মৃতিৰ স্মাৰক সাজি উলিওৱা হয়৷ এতিয়া ইয়াত ভাৰতীয় সেনাৰ অবাধ সঞ্চালন, বুটজোতাৰ গিৰিপ–গাৰাপ শব্দৰে পাহাৰীয়া একা–বেঁকা দুর্গম পথত সেনাৰ কঠোৰ অনুশীলনে স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ স্বৰাজোত্তৰ কালৰে পৰা উক্ত পথসমূহ বহু বিপদসংকুল হোৱাৰ পৰিপ্রেক্ষিতত আৰু সীমান্তলৈ সেনাৰ সঞ্চালন খৰতকীয়া কৰা, সেনাৰ গধুৰ যান–বাহনৰ লগতে যন্ত্রাংশ সুচলভাৱে কঢ়িয়াই নিবলৈ বর্তমানে হাইল্যুঙৰ পৰা আনজাও জিলাৰ সদৰ হাৱাইলৈ ৬৫ কিঃমিঃ পথ ১১ মিটাৰকৈ বহল কৰি হায়দৰাবাদৰ এক ঠিকাদাৰী প্রতিষ্ঠানে উন্নতমানেৰে এক পথ নির্মাণ কৰি আছে৷ মুঠৰ ওপৰত ভাৰতীয় সেনাই ভাৰতৰ সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিবলৈ প্রতিদিনে জাগ্রতপ্রহৰীৰ দৰে সীমান্তত থিয় দি আছে৷