নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিআৰপিৰ প্রাক্তন ভাৰপ্রাপ্ত বিষয়াক ৪ বছৰৰ সশ্রম কাৰাদণ্ড

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ উৎকোচ লোৱাৰ অপৰাধত জি আৰ পিৰ প্রাক্তন ভাৰপ্রাপ্ত আৰক্ষী বিষয়া শিশিৰ ভট্টক চাৰি বছৰৰ সশ্রম কাৰাদণ্ড বিহিছে বিশেষ ন্যায়াধীশৰ আদালতে৷ ভাৰতীয় দণ্ডবিধিৰ ৭ আৰু ১৩(২) ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি আৰক্ষী বিষয়াজনক ক্রমে ৩ আৰু ৪ বছৰৰ কাৰাদণ্ড প্রদান কৰিছে৷ অৱশ্যে এই দুয়োটা শাস্তি সমান্তৰালভাৱে প্রদান কৰিবলৈ নির্দেশ দিছে৷ সেয়েহে এইক্ষেত্রত তেওঁ সর্বাধিক চাৰি বছৰৰ সশ্রম কাৰাদণ্ড খাটিব লাগিব৷

উল্লেখ্য যে ২০১৫ চনত এটা গোচৰ মীমাংসাৰ নামত এজন ব্যক্তিৰ পৰা ধন দাবী কৰিছিল শিশিৰ ভট্টই৷ সেই সময়ত তেওঁ উৎকোচ হিচাপে উক্ত ব্যক্তিজনৰ পৰা ৭ হাজাৰ টকা গ্রহণ কৰিছিল৷ এই উৎকোচ গ্রহণৰ সময়তে দুর্নীতি নিবাৰক শাখাই তেওঁক হাতে–লোটে গ্রেপ্তাৰ কৰিছিল৷ এই গোচৰটোৰ তদন্তৰ কালত তেওঁৰ বিৰুদ্ধে যাৱতীয় সাক্ষ্য–প্রমাণ তদন্তকাৰী আৰক্ষীয়ে লাভ কৰে৷ চার্জশ্বীটতো তেওঁৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আৰক্ষীয়ে উল্লেখ কৰে৷ দীর্ঘদিনীয়া বিচাৰ প্রক্রিয়াৰ অন্তত বিশেষ ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতে  ভট্টক দোষী সাব্যস্ত কৰি সশ্রম কাৰাদণ্ড বিহে৷ এই গোচৰটোত দীনেশ উপাধ্যায় নামৰ আন এজন অভিযুক্তক   দোষমুক্ত কৰি দিয়ে আদালতে৷ কোনো তথ্য–প্রমাণ লাভ নকৰাৰ বাবে আদালতে কনিষ্টবল উপাধ্যায়ক দোষমুক্ত কৰে৷ এই গোচৰটোত বিশেষ চৰকাৰী অধিবক্তা হিচাপে আছিল মানস হালৈ৷

You might also like