নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উঃ পূবৰ দুর্ঘটনাত সর্বাধিক মৃত্যু অসমত

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ দুর্ঘটনাত পতিত হৈ উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত সর্বাধিক লোকৰ মৃত্যু হয় অসমত৷ ২০১৯ চনত ৰাজ্যত পথ দুর্ঘটনাত পতিত হৈ প্রাণ হেৰুৱাইছে ৩,৮৪৩গৰাকী লোকে৷ নেচনেল ক্রাইম ৰেকর্ড ব্যুৰ’ (এনচিআৰবি)ৰ শেহতীয়া প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷

অসমৰ পিছতে ত্রিপুৰাত মৃত্যু হয় সর্বাধিক লোকৰ৷ বিগত বছৰত দুর্ঘটনাত ত্রিপুৰাত মৃত্যু হৈছে ২৭১গৰাকী লোকৰ৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত দুর্ঘটনাত পতিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাৰ হিচাপত তৃতীয় স্থানত আছে মেঘালয়৷ পাহাৰীয়া ৰাজ্যখনত দুর্ঘটনাত পতিত হৈ মৃত্যু হৈছে ১৭৬জন লোকৰ৷

উল্লেখ্য যে এনচিআৰবিৰ তথ্য অনুসৰি ৰাজ্যৰ ৪১ শতাংশতকৈয়ো অধিক পথ দুর্ঘটনা দুচকীয়া বাহনত সংঘটিত হৈছে৷ মুঠ ১,৩৬২গৰাকী লোকৰ দুচকীয়া বাহনত দুর্ঘটনাত মৃত্যু হৈছে৷ আনহাতে, কাৰ আৰু বাছেৰে ভ্রমণ কৰি থকাৰ সময়ত দুর্ঘটনাত পতিত হৈ মৃত্যু সাবটি লৈছে ক্রমে ৬৮২ আৰু ২৮৫গৰাকী লোকে৷

ৰাজ্যত দুর্ঘটনাত মৃত্যু হোৱা ৩,৮৪৩গৰাকীৰ ভিতৰত ১,৪৭৯গৰাকী ৰাষ্ট্রীয় ঘাইপথত সংঘটিত দুর্ঘটনাত প্রাণ হেৰুৱাইছে৷ ৭১৭গৰাকীয়ে ৰাজ্যিক ঘাইপথ দুর্ঘটনাত মৃত্যুক সাবটিছে৷ ১,৭৮০গৰাকী লোকৰ মৃত্যুৰ কাৰণ অত্যধিক গতিবেগ৷ ১০৮গৰাকী লোকৰ মৃত্যুৰ কাৰণ হৈছে গাড়ী চলোৱাৰ সময়ত সুৰাপান কৰা৷ বেয়া বতৰৰ বাবে সংঘটিত দুর্ঘটনাত মৃত্যু হৈছে ২৪৬গৰাকী লোকৰ৷ ইপিনে, ৰাজ্যত ২০১৯ চনত আত্মহত্যা কৰিছে ২,৩৭০গৰাকী লোকে৷

You might also like