নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাজ্যিক সীমা বিবাদঃ কেন্দ্র–অসম মিজোৰামলৈ ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ জাননী

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: জুলাই মাহত অসম–মিজোৰাম সীমান্তত সংঘটিত হিংসাত্মক ঘটনাক মানৱ অধিকাৰ উলংঘনৰ গুৰুতৰ ঘটনা বুলি আখ্যা দি ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগে কেন্দ্রীয় চৰকাৰকে ধৰি অসম আৰু মিজোৰাম চৰকাৰলৈ জাননী জাৰি কৰিছে৷ অসমৰ জনৈক মহম্মদ ইনজামুল হকে দাখিল কৰা অভিযোগৰ ভিত্তিত দেওবাৰে আয়োগে শুনানি গ্রহণ কৰি কেন্দ্রীয় গৃহ সচিবৰ লগতে অসম আৰু মিজোৰামৰ মুখ্য সচিবলৈ জাননী জাৰি কৰে৷ চাৰি সপ্তাহৰ ভিতৰত সমগ্র ঘটনাৰ এক বিস্তাৰিত প্রতিবেদন দাখিল কৰিবলৈ আয়োগে সংশ্লিষ্ট সকলো পক্ষক উক্ত জাননীযোগে নির্দেশ জাৰি কৰিছে৷

আয়োগৰ বক্তব্য– ‘২৬ জুলাইত সংঘটিত সীমান্তৰ হিংসাত্মক ঘটনা যথেষ্ট উদ্বেগজনক৷ তদুপৰি উক্ত ঘটনাত চৰকাৰী বিষয়া–কর্মচাৰীৰ মৃত্যু তথা আহত হোৱাৰ যি তথ্য আমি লাভ কৰিছোঁ, তাৰ পাছত আয়োগে সমগ্র ঘটনাক অত্যন্ত গুৰুত্ব সহকাৰে গ্রহণ কৰিছে৷ সেয়ে এই জাননী জাৰি কৰা হ’ল৷ চাৰি সপ্তাহ পাছত আয়োগৰ পূর্ণাংগ বিচাৰপীঠে সমগ্র বিষয়টোৰ শুনানি গ্রহণ কৰিব৷’

উল্লেখ্য যে ২৬ জুলাইত সীমা বিবাদক কেন্দ্র কৰি অসম–মিজোৰাম সীমান্তত সংঘটিত হিংসাত্মক ঘটনাত অসম অৰক্ষীৰ ৬ জোৱান আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যুৰ হোৱাৰ লগতে অর্ধশতাধিক লোক আহত হৈছিল৷

You might also like