নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানত যোগদানৰ উদ্দেশ্যে ভাৰত সীমান্তত বাহৰ বাংলাদেশী যুৱকৰ

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: তালিবানত যোগদানৰ উদ্দেশ্যে ভাৰত সীমান্তত বাহৰ বাংলাদেশী যুৱকৰ বহু বাংলাদেশী মৌলবাদী যুৱক৷ চুবুৰীয়া ৰাষ্ট্রখনৰ এইসকল মৌলবাদী যুৱকৰ লক্ষ্য– সংগোপনে সীমান্ত অতিক্রম কৰি ভাৰত হৈ আফগানিস্তানত উপস্থিত হোৱা আৰু কুখ্যাত সন্ত্রাসবাদী সংগঠন তালিবানৰ সদস্যপদ গ্রহণ কৰা৷ নৃশংস আক্রমণ–হত্যাযজ্ঞৰ আফগানিস্তানৰ ক্ষমতা দখল কৰা তালিবানৰ সদস্যভুক্ত হ’বলৈ বাংলাদেশৰ মৌলবাদী এইসকল যুৱকক লৈ এনে ভয়ংকৰ তথ্য প্রকাশ পাইছে ঢাকাৰ আৰক্ষী আয়ুক্ত ছফিকুল ইছলামে বি এছ এফলৈ প্রেৰণ কৰা বার্তাত৷

বাংলাদেশৰ তৰফৰ পৰা এনেধৰণৰ বার্তা লাভ কৰাৰ পাছতে সীমান্তত অধিক সক্রিয় হৈ পৰিছে বি এছ এফ৷ উল্লেখ্য যে বাংলাদেশৰ সৈতে ভাৰতৰ পাঁচখন ৰাজ্য ক্রমে অসম, মেঘালয়, ত্রিপুৰা, মিজোৰাম আৰু পশ্চিমবংগৰ সীমান্ত সংলগ্ণ হৈ আছে৷ বাংলাদেশী মৌলবাদী এইসকল যুৱকে ভাৰত সীমান্ত অতিক্রম কৰিব পাৰিলে নিশ্চিতভাৱে এই পাঁচখন ৰাজ্যৰ ভিতৰতে প্রৱেশ কৰিব৷

এনে প্রেক্ষাপটত বিষয়টো অসমৰ বাবে কার্যতঃ যথেষ্ট স্পর্শকাতৰ আৰু উদ্বেগজনক ৰূপে বিবেচিত হৈছে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি ঢাকা আৰক্ষী আয়ুক্ত ছফিকুল ইছলামে এই সন্দর্ভত কৰা মন্তব্য আছিল এনেধৰণৰ– একাংশ মৌলবাদী বাংলাদেশী যুৱকে ভাৰতত প্রৱেশ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ এই যুৱকসকলে আফগানিস্তানলৈ গৈ তালিবানত যোগদান কৰিব৷ অৱশ্যে কিমানসংখ্যক মৌলবাদী যুৱকে এনে চেষ্টা অব্যাহত ৰাখিছে, তাৰ সঠিক তথ্য আমাৰ হাতত নাই৷

ঢাকা আৰক্ষী আয়ুক্তজনৰ এনে মন্তব্যৰ পাছত বি এছ এফৰ ছাউথ বেংগল ফ্রণ্টিয়াৰৰ উপ–মহাপৰিদর্শক এছ এছ গুলেৰিয়াই কয় যে তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাক লৈ বাংলাদেশৰ কিছুসংখ্যক সন্ত্রাসবাদীয়ে উৎফুল্লিত হৈ থকাৰ বিষয়ে চুবুৰীয়া ৰাষ্ট্রখনৰ তৰফৰ পৰা আমাক জনোৱা হৈছে৷ ইয়াৰ পাছতে আমাৰ টহলদাৰী দল এলার্ট হৈ আছে৷ অৱশ্যে বর্তমানপর্যন্ত তালিবানত যোগদান কৰাৰ লক্ষ্যৰে ভাৰতত প্রৱেশ কৰিব বিচৰা বাংলাদেশৰ কোনো যুৱককে গ্রেপ্তাৰ কৰা হোৱা নাই৷ এই বিষয়টোক লৈ বাংলাদেশৰ তৰফৰ পৰা বার্তা লাভ কৰাৰ পাছতে সীমান্তত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলি এলার্ট জাৰি কৰা বুলি বি এছ এফৰ এক শীর্ষ সূত্রত প্রকাশ৷ বাংলাদেশী মৌলবাদী যুৱকসকলক তালিবানত যোগদান কৰোৱাৰ ক্ষেত্রত চুবুৰীয়া ৰাষ্ট্রখনৰ জেহাদী সংগঠন জে এম বিয়ে নেতৃত্ব লোৱাৰ আশংকা প্রকাশ কৰে সামৰিক বিশেষজ্ঞ মহলে৷

মন কৰিবলগীয়া যে শ্লীপাৰ চেল গঠনেৰে অসমলৈও জেহাদৰ নেটৱর্ক সম্প্রসাৰিত কৰাৰ তথ্য ইতিমধ্যে স্পষ্ট হোৱা জে এম বি আৰু তালিবানৰ সম্পর্ক দীর্ঘদিনীয়া৷ জে এম বিৰ প্রতিষ্ঠাপক শ্বেইখ আব্দুল ৰেহমান আছিল আফগান যুদ্ধৰ অন্যতম নেতা৷ শ্বেইখ আব্দুল ৰেহমানক ২০০৭ চনত বাংলাদেশৰ পৰা বিতাড়িত কৰাৰ পাছত জে এম বিৰ নেতৃত্ব গ্রহণ কৰে মৌলানা ছাইদুৰ ৰেহমানে৷ কিন্তু এইজন জেহাদী নেতা কাৰাৰুদ্ধ হোৱাত জে এম বিৰ নেতৃত্ব অর্পণ কৰা হয় ছালাহুদ্দিন আহমেদৰ ওপৰত৷ জে এম বিৰ বর্তমানৰ মুৰব্বী ছালাহুদ্দিন আহমেদ ভাৰত–বাংলাদেশ সীমান্তৱর্তী অঞ্চলত আত্মগোপন কৰি থকা বুলি দীর্ঘদিন ধৰি সন্দেহ কৰি অহা হৈছে৷

ইয়াৰ ভিত্তিত পূর্বৰে পৰাই জে এম বি তথা বাংলাদেশৰ অন্য সন্ত্রাসবাদী সংগঠনৰ সদস্যই সীমান্ত অতিক্রমি যাতে ভাৰতত প্রৱেশ কৰিব নোৱাৰে, তাৰ বাবে বি এছ এফে পহৰাৰ ব্যৱস্থা শক্তিশালী কৰি ৰাখিছে৷ কিন্তু এইবাৰ একাংশ বাংলাদেশী মৌলবাদী যুৱকে তালিবানত যোগদান কৰাৰ লক্ষ্যৰে ভাৰতত প্রৱেশ কৰাৰ চেষ্টা চলোৱাৰ বার্তা লাভৰ পাছত সীমান্তত অধিক কঠোৰ হৈছে বি এছ এফ৷

You might also like