বিশেষ বাৰ্তা, ২৯ মার্চঃ ৰাজ্যৰ ৮খন জিলাক পুনৰ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে৷ আইন–শৃংখলাজনিত পৰিস্থিতি পুনৰীক্ষণ কৰাৰ পাছত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে অহা ১ এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ ৮খন জিলাক অশান্ত জিলা হিচাপে ঘোষণা কৰে৷ সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন, ১৯৫৮ (আফস্পা)ৰ তিনি ধাৰাৰ অধীনত অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা জিলা কেইখন হৈছে তিনিচুকীয়া, ডিব্রুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কার্বি আংলং আৰু ডিমা হাচাও৷ উল্লেখ্য যে ইয়াৰ পূর্বে যোৱা ১ অক্টোবৰৰ পৰা কার্যকৰী হোৱাকৈ উক্ত ৮খন জিলাৰ লগতে কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাকো অশান্ত অঞ্চল হিচাপে ছমাহৰ বাবে ঘোষণা কৰা হৈছিল৷ আইন–শৃংখলাজনিত পৰিস্থিতি পর্যালোচনা কৰাৰ পাছত ৮খন জিলাত আফস্পা বাহাল ৰাখে যদিও কাছাৰৰ লক্ষীপুৰ মহকুমাক এই তালিকাৰ পৰা বাদ দিয়া হয়৷