নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩০ মার্চ, চ’ত মাহৰ ১৫ তাৰিখ
বৃহস্পতিবাৰঃ তিথি–শুক্লা নৱমী, নক্ষত্রঃ পুনর্বসু, যাত্রাঃ নাই

মেষঃ যিকোনো শুভ কর্মৰ পৰা বিৰত থাকক৷ হাতলৈ ধনৰ আগমনৰ সম্ভাৱনা আছে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷

বৃষঃ কর্মক্ষেত্রৰ সূত্রে বিদেশ যাত্রাৰ যোগ আছে৷ পুৱা–গধূলি শিৱৰ জঁপ কৰক৷ ৰঙা বস্ত্র পৰিধান কৰিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷

মিথুনঃ দিনটো শুভ৷ নতুন সংবাদ পাব পাৰে৷ যাত্রা কৰিলে দুপৰীয়া ১২টাৰ পিছত কৰক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷

কর্কটঃ অর্থপ্রাপ্তিৰ ক্ষেত্রত সৰু–সুৰা বাধাৰ সন্মুখীন হ’ব পাৰে৷ শিক্ষার্থীৰ ক্ষেত্রত অলপ সতর্ক থাকক৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৫৷

সিংহঃ কর্মস্থানত অত্যধিক কামৰ প্রভাৱ পৰিব পাৰে৷ আর্থিক উন্নতি নিশ্চিত৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷

কন্যাঃ আর্থিক দিশত মধ্যমীয়া৷ দূৰ সংবাদে আনন্দিত কৰিব পাৰে৷ ভ্রমণত শুভ৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৩৷

তুলাঃ দিনটো মধ্যমীয়া৷ প্রেমত শুভ৷ সন্ধিয়া তুলসীৰ তলত চাকি জ্বলাব৷ শুভ সংখ্যা ২৷ শুভ ৰং বেঙুনীয়া৷

বৃশ্চিকঃ অর্থ আগমনত বাধাৰ সৃষ্টি হ’ব পাৰে৷ আকস্মিক হোৱা ঘটনাই আনন্দিত কৰিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৬৷

ধনুঃ শৰীৰটোৰ প্রতি যত্ন লোৱা প্রয়োজন৷ মানসিক অশান্তিত ভুগিব পাৰে৷ যাত্রা কৰিলে পূব দিশৰ পৰা কৰিব৷ কর্মত উন্নতিৰ যোগ৷ শুভ ৰং নীলা শুভ সংখ্যা ৫৷

মকৰঃ পাৰিবাৰিক অন্তর্কলহ বাহিৰ৷ পিছলি পৰি আঘাত পাব পাৰে৷ বৈবাহিক সম্বন্ধত ব্যাঘাত জন্মিব পাৰে৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷

কুম্ভঃ কর্মত উন্নতিৰ যোগ আছে৷ শিক্ষার্থীৰ বাবে সময়টো ভাল নহয়৷ ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰক৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৮৷

মীনঃ কর্মত বাধা আছে৷ যিকোনো কাম কৰাৰ আগতে ভাবি–চিন্তি আগবাঢ়ক৷ পুৱা–গধূলি শিৱৰ মন্ত্র জঁপ কৰক৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷

You might also like