নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসকক প্রহাৰ কন্যাৰঃ ক্ষমা বিচাৰিলে মুখ্যমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ মুখ্যমন্ত্রীৰ কন্যা বাবেই চিকিৎসকৰ আগতীয়া এপইণ্টমেণ্ট নোলোৱাকৈ ক্লিনিকত হাজিৰ হৈ চিকিৎসকক মুখত ঘুচিওৱা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে মিজোৰামত৷ এই ঘটনাৰ বাবে চিকিৎসকগৰাকীৰ ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য হৈছে মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগা৷ তৰুণ চিকিৎসকে মুখ্যমন্ত্রীৰ কন্যাক আগতীয়াকৈ এপইণ্টমেণ্ট নোলোৱাৰ বাবে দেখা কৰিবলৈ অস্বীকাৰ কৰিছিল৷ ইয়াতেই ক্ষুব্ধ হৈ পৰে জোৰামথাংগাৰ দুহিতা৷ ইতিমধ্যে চিকিৎসকগৰাকীক মুখ্যমন্ত্রীৰ কন্যাই প্রহাৰ কৰা ভিডি’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ লগে লগে বিষয়টোক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মিজোৰামত৷ জোৰামথাংগাৰ কন্যা মিলাৰি ছাংতেই যোৱা বুধবাৰে এনেদৰে চিকিৎসকক আইজলৰ এখন ক্লিনিকত প্রহাৰ কৰিছিল৷ মুখ্যমন্ত্রীৰ কন্যা বাবেই নিয়ম উলংঘা কৰাটো সম্ভৱ নহয় বুলি ঘোষণা কৰিছিল চিকিৎসকগৰাকীয়ে৷

You might also like