নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ত এশ নিযুত বছৰ পূর্বৰ ডাইন’ছৰৰ হাড়

নিয়মীয়া বাৰ্তা ৭ মেঃ উত্তৰ–পূবৰ ৰাজ্য মেঘালয়ৰ পশ্চিম খাচী পাহাৰ জিলাত ১০০ নিযুত বছৰ পূর্বৰ ডাইন’ছৰৰ হাড় উদ্ধাৰ কৰিছে গৱেষকে৷ ভাৰতীয় ভূতাত্ত্বিক জৰীপ, উত্তৰ–পূব জীৱাশ্ম বিজ্ঞান বিভাগে চলোৱা শেহতীয়া খননত ডাইন’ছৰৰ জীৱাশ্ম উদ্ধাৰ হৈছে৷ গৱেষকৰ দলটোৱে প্রকাশ কৰা মতে, প্রকৃত টিটান’ছৰিয়ানৰ চৰপড ডাইন’ছৰৰ হাড় প্রথমবাৰৰ বাবে উত্তৰ–পূর্বাঞ্চলত উদ্ধাৰ হৈছে৷

গৱেষকে প্রকাশ কৰা মতে, চৰপদৰ ডিঙি অতি দীঘল, নেজ দীঘল, শৰীৰৰ বাকী অংগৰ তুলনাত মূৰটো সৰু আৰু চাৰিখন ক্ষীণ স্তম্ভৰ লেখিয়া ভৰি থাকে৷ এইখিনি আন প্রজাতিৰ ডাইন’ছৰতকৈ পৃথক৷ পৃথিৱীৰ বৃহত্তম প্রাণীৰ ভিতৰত অন্যতম এই ডাইন’ছৰৰ জীৱাশ্ম হাড় উত্তৰ–পূর্বাঞ্চলৰ মেঘালয়ৰ পশ্চিম খাচী পাহাৰ জিলাখননৰ পিছত উদ্ধাৰ হোৱাটো বিশেষ তাৎপর্যপূর্ণ৷ মন কৰিবলগীয়া যে উত্তৰ–পূর্বাঞ্চলৰ মেঘালয় হৈছে ডাইন’ছৰৰ হাড় উদ্ধাৰ হোৱা ভাৰতৰ পঞ্চমখন ৰাজ্য৷ ইয়াৰ পূর্বে গুজৰাট, মধ্যপ্রদেশ, মহাৰাষ্ট্র আৰু তামিলনাডুত এনে জীৱাশ্মৰ হাড় উদ্ধাৰ হৈছিল৷

গৱেষকে প্রকাশ কৰা মতে, ২০০১ চনতে জিএছআইয়ে মেঘালয়ত ডাইন’ছৰ হাড় উদ্ধাৰ হৈছিল যদিও সেই সময়ত সংৰক্ষণ আৰু বিভিন্ন কাৰণত সেই হাড়ক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাছিল৷ ভাৰতীয় ভূতাত্ত্বিক জৰীপ, উত্তৰ–পূব জীৱাশ্ম বিজ্ঞান বিভাগৰ জ্যেষ্ঠ ভূতত্ত্ববিদ অৰবিন্দ ৰয়ে প্রকাশ কৰা মতে, ২০১৯–২০ আৰু ২০২০–২১ৰ খননৰ সময়ছোৱাত ডাইন’ছৰৰ হাড় উদ্ধাৰ হৈছে৷ ২০২১ চনৰ ফেব্রুৱাৰীত গৱেষকৰ দলটোৱে পুনৰ উদ্ধাৰকৃত অঞ্চলটিৰ লগতে সংগ্রহ কৰি ৰখা জীৱাশ্ম পুনৰীক্ষণ কৰে আৰু এই পৰীক্ষণৰ সময়তে ডাইন’ছৰৰ জীৱাশ্ম হাড় প্রায় ১০০ নিযুত বর্ষৰ পূর্বৰ বুলি নিশ্চিত কৰে৷

You might also like