নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তিশগড়ত হোমি’ ঔষধ খাই মৃত্যু সাত

নিয়মীয়া বাৰ্তা ৭ মেঃ ছত্তিশগড়ৰ বিলাসপুৰত হোমি’পেথিক ঔষধ সেৱন কৰি একেটা পৰিয়ালৰ সাতজন লোকৰ কৰুণ মৃত্যু ঘটাৰ লগতে আন পাঁচজন অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে৷ স্বাস্থ্য বিভাগৰ সূত্রত প্রকাশ হোৱা মতে, ১২জনীয়া পৰিয়ালটোৰ আটাইবোৰেই এলক’হলিক হোমি’পেথিক মেডিচিন সেৱন কৰাৰ পিছতেই এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে৷

ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ কার্যালয়ে প্রকাশ কৰা মতে, পৰিয়ালটোৰ সাতজন লোকৰ মৃত্যু ঘটিছে, বাকী পাঁচজনক প্রথমে স্থানীয় হাস্পতালত ভর্তি কৰা হয় যদিও স্বাস্থ্যৰ দ্রুত অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে ৰায়পুৰলৈ স্থানান্তৰিত কৰা হৈছে৷ মুখ্যমন্ত্রীৰ কার্যালয়ৰ বিবৃতিত প্রকাশ পোৱা মতে, এলক’হলিক হোমি’পেথিক ঔষধ সেৱন কৰাৰ বাবে পৰিয়ালটোৰ শোকাৱহ ঘটনাটো সংঘটিত হৈছে৷ এই শোকাৱহ ঘটনাটোৰ উচিৎ তদন্তৰ নির্দেশ ইতিমধ্যে মুখ্যমন্ত্রীৰ কার্যালয়ে স্থানীয় প্রশাসনক দিছে৷

প্রাৰম্ভিক তথ্য মতে, কি কাৰণত পৰিয়ালটোৰ লোকে এলক’হলিক হোমি’পেথিক ঔষধ সেৱন কৰিলে তাৰ কোনো নিশ্চিত তথ্য নাই৷ সন্দেহ প্রকাশ কৰা হৈছে যে হয়তোবা পৰিয়ালৰ লোককেইজনৰ দেহত জ্বৰ, চর্দিৰ লক্ষণে দেখা দিয়াৰ বাবে এই ঔষধ সেৱন কৰিছিল৷

You might also like