নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়া শান্তিৰ মণিপুৰৰ সকলো দিশতে উন্নয়ন

ৰাণী গাইডিনলিউ জনজাতীয় স্বাধীনতা যুঁজাৰু সংগ্রহালয়ৰ ভূমি পূজন কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ভিডিঅ’ কনফাৰেঞ্চযোগে মণিপুৰত ৰাণী গাইডিনলিউ জনজাতীয় স্বাধীনতা যুঁজাৰু সংগ্রহালয়ৰ ভূমিপূজন কৰে৷ ভূমিপূজন সমাপন কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে ৰাণী গাইডিনলিউৰ নামত সংগ্রহালয় স্থাপনৰ জৰিয়তে নতুন প্রজন্মক দেশৰ স্বাধীনতা সংগ্রামৰ উদ্যম আৰু দেশপ্রেমৰ ধাৰণাক উজ্জীৱিত কৰাত সহায় কৰিব৷ তদুপৰি এই সংগ্রহালয়ে উত্তৰ–পূবৰ জনজাতীয় স্বাধীনতা যুঁজাৰুৰ অৱদানক উজলাই তুলিব৷ দেশৰ স্বাধীনতা সংগ্রামত জনজাতীয় লোকৰ অপৰিসীম অৱদানৰ বিষয়ে উল্লেখ কৰাৰ লগতে স্বাধীনতাৰ ৭৫সংখ্যক বার্ষিকী উপলক্ষে ১৫ৰ পৰা ২২ নৱেম্বৰলৈ জনজাতীয় গৌৰৱ দিৱস উদ্যাপনৰ প্রসংগ উল্লেখ কৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷

ৰাণী গাইডিনলিউৰ পৰা ৰজা কুলচন্দ্র সিঙে ব্রিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্রামত যি সাহসেৰে যুঁজিছিল তাক বর্ণাই গৃহমন্ত্রী শ্বাহে কয় যে মণিপুৰৰ অনেক স্বাধীনতা যুঁজাৰুৱে ব্রিটিছৰ বিৰুদ্ধে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিছিল৷ স্বাধীনতা সংগ্রামৰ প্রসংগেৰে মণিপুৰৰ ঐতিহ্য দাঙি ধৰি গৃহমন্ত্রী শ্বাহে সম্প্রতি মণিপুৰলৈ দীর্ঘদিনৰ মূৰকত এতিয়া শান্তি ঘূৰি আহিছে বুলি কয়৷ মণিপুৰৰ ইতিহাস দাঙি ধৰি গৃহমন্ত্রী শ্বাহে কয় যে এনে এটা সময় আছিল, যেতিয়া সশস্ত্র সংগঠনে মণিপুৰত সন্ত্রাস বিয়পাইছিল৷ আনকি এনে বহু ঘটনাত তেতিয়াৰ চৰকাৰো জড়িত আছিল৷ কিন্তু এতিয়া মুখ্যমন্ত্রী বীৰেন সিঙৰ অধীনত ৰাজ্যখনৰ আইন–শৃংখলাজনিত পৰিস্থিতি অধিক উন্নত হৈছে৷ আনপিনে, প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু বীৰেন সিঙৰ নেতৃত্বত মণিপুৰত উন্নয়নমূলক কাম অনেক হৈ থকাৰ প্রসংগ উল্লেখেৰে গৃহমন্ত্রী শ্বাহে কয় যে বিগত পাঁচ বছৰৰ ভিতৰতে মণিপুৰৰ যি বিকাশ হৈছে, সেয়া বিগত ৭০ বছৰৰ বিকাশক অতিক্রম কৰিছে৷ মণিপুৰৰ গাঁও অঞ্চলত বৃহৎসংখ্যক আন্তঃগাঁথনিমূলক কাম প্রথমবাৰৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ প্রচেষ্টা সম্ভৱ হৈ উঠিছে৷ উল্লেখ্য যে গৃহমন্ত্রী শ্বাহে ভূমিপূজন কৰা সংগ্রহালয়টো নির্মাণত ব্যয় হ’ব ১৫ কোটি টকা৷

You might also like