নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিবহণ ভৱনত কর্মচাৰীৰ উত্তাল প্রতিবাদ

আইএএছ বিষয়া ড০ ছাদনেক সিঙৰ বিৰুদ্ধে কর্মচাৰীক প্রহাৰৰ অভিযোগ

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ পৰিবহণ বিভাগৰ এগৰাকী উচ্চপস্থ বিষয়াৰ বিৰুদ্ধে থলুৱা কর্মচাৰীক শাৰীৰিক নির্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ উচ্চপদস্থ বিষয়াই থলুৱা কর্মচাৰীক প্রহাৰ কৰাক লৈ বিভিন্ন মহলত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ থলুৱা কর্মচাৰীক প্রহাৰ কৰা বিষয়াগৰাকীক পদৰ পৰা বর্খাস্ত কৰিবলৈ লগতে এই ঘটনাৰ উচিত তদন্ত কৰি বিষয়াগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ কর্মচাৰীসকলে আহ্বান জনাইছে৷ আজি বিষয়াগৰাকীৰ বিৰুদ্ধে কর্মচাৰীসকলৰ কেইবাটাও সংগঠনে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে৷

উল্লেখ্য যে পৰিবহণ বিভাগৰ যুটীয়া সচিব, ভাৰতীয় প্রশাসনিক বিষয়া ড০ ছাদনেক সিঙৰ বিৰুদ্ধে খানাপাৰাস্থিত পৰিবহণ ভৱন চৌহদত এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয়৷ বিভাগীয় তলতীয়া কর্মচাৰীক শাৰীৰিকভাৱে আক্রমণ কৰাৰ বাবে আজি বিষয়াগৰাকীৰ বিৰুদ্ধে সদৌ অসম মুৰব্বী বিভাগীয় আমোলা, সন্থাৰ উদ্যোগত এই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয়৷ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰা কর্মচাৰীসকলে বিষয়াগৰাকীক পদৰ পৰা বর্খাস্ত কৰাৰ দাবী তোলে৷ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি শতাধিক কর্মচাৰীয়ে আই এ এছ বিষয়া ছাদনেক সিঙৰ মইমতালি নচলিব, ছাদনেক সিঙক অপসাৰণ কৰক, থলুৱা কর্মচাৰীক প্রহাৰ কৰা নচলিব, সদনকে সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷

স্মর্তব্য যে আই এ এছ বিষয়াগৰাকীয়ে অলপতে তেওঁৰ কার্যালয়ত কর্মৰত প্রদীপ সেনাপতিক শাৰীৰিকভাৱে আক্রমণ কৰাৰ অভিযোগ কৰে প্রতিবাদকাৰীসকলে৷ তদুপৰি পূর্বেও বিষয়াগৰাকীয়ে অনান্য তলতীয়া কর্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উঠিছে৷ সেয়েহে বিষয়াগৰাকীক শীঘ্রে বর্খাস্ত কৰাৰ দাবী জনাইছে প্রতিবাদকাৰী কর্মচাৰীসকলে৷ এইক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে পৰিবহণমন্ত্রী চন্দ্রমোহন পাটোৱাৰীক বিষয়াগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ প্রতিবাদকাৰীসকলে আহ্বান জনায়৷ আজিৰ প্রতিবাদী কার্যসূচীত সদৌ অসম চৰকাৰী জিলা পৰিবহণ কর্মচাৰী সন্থাৰ শতাধিক সদস্য–কর্মী উপস্থিত থাকে৷

You might also like