উজবেকিস্তানৰ হোটেলত মেঘালয়ৰ মুখ্য সচিবৰ ৰহস্যজনক মৃত্যু
নিউজ ডেস্ক, ৯ এপ্ৰিলঃ উজবেকিস্তান ভ্রমণলৈ গৈ ৰহস্যজনক মৃত্যু মেঘালয়ৰ মুখ্য সচিব চৈয়দ মহম্মদ আৰ ৰাজিৰ৷ উজবেকিস্তানৰ বুখাৰা চহৰৰ এখন হোটেলৰ পৰা ৰাজিৰ মৃতদেহ উদ্ধাৰ হৈছে৷ প্রশাসনৰ তৰফৰ পৰা এই তথ্য সদৰী কৰা হৈছে৷ যোৱা ৪ এপ্রিলত ব্যক্তিগত ভ্রমণসূচী লৈ উজবেকিস্তানলৈ গৈছিল ৰাজি৷ ২০২১ চনৰ পৰা মেঘালয়ৰ চৰকাৰৰ আৰআৰটিএছৰ শীর্ষ বিষয়া হিচাপে দায়িত্ব পালন কৰিছিল ৰাজিয়ে৷ তেওঁৰ আকস্মিক মৃত্যুত স্বাভাৱিকতেই সৃষ্টি হৈছে সন্দেহ৷ সূত্রই সদৰী কৰা অনুসৰি সঘনে ফোন বাজি থকা সত্ত্বেও ৰাজিয়ে ফোন ধৰা নাছিল৷ তেতিয়াই সন্দেহ হয় অন্য বিষয়াসকলৰ৷ হোটেলৰ কর্মীসকলৰ সহায়ত দুৱাৰ ভাঙি ৰাজিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ হূদৰোগত আক্রান্ত হৈ ৰাজিৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে৷ এই ঘটনা সন্দর্ভত শোক প্রকাশ কৰিছে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই৷