নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ দুর্গম অঞ্চলত দুষ্প্রাপ্য উদ্ভিদ পুনৰ আৱিষ্কাৰ

হায়ুলিয়াং–চিপ্রুত বটানিকেল ছার্ভে অৱ ইণ্ডিয়াৰ গৱেষকে দিলে ১৯১২ চনত ব্রিটিছ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা বিৰল উদ্ভিদৰ সন্ধান

নিয়মীয়া বাৰ্তা, ৭ জুনঃ অৰুণাচলৰ আঞ্জা’ জিলাৰ দুর্গম হায়ুলিয়াং আৰু চিপ্রু অঞ্চলত বটানিকেল ছার্ভে অৱ ইণ্ডিয়া (বি এছ আই)ৰ গৱেষকসকলে পুনৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে এবিধ অতি বিৰল প্রজাতিৰ উদ্ভিদ৷ ১১০ বছৰ পূর্বে এই উদ্ভিদ আৱিষ্কাৰ কৰিছিল এগৰাকী ব্রিটিছ বিজ্ঞানীয়ে৷ ভাৰতীয় ‘লিপষ্টিক প্লাণ্ট’ হিচাপে পৰিচিত এই উদ্ভিদ ১৯১২ চনত ব্রিটিছ উদ্ভিদ বিজ্ঞানী ষ্টিফেন ট্রইটে ডুনে ইয়াক চিনাক্ত কৰিছিল৷ ইয়াৰ বৈজ্ঞানিক নাম হৈছে আচকিনানথাছ মনেটাৰিয়া ডুন৷ অৰুণাচল প্রদেশৰ পৰা অন্য এগৰাকী ব্রিটিছ উদ্ভিদ বিজ্ঞানী আইজাক হেন্ৰী বার্কিলে ইয়াৰ নমুনা প্রথম সংগ্রহ কৰিছিল৷

বিগত ১১০ বছৰ ধৰি এই বিৰল প্রজাতিৰ ‘লিপষ্টিক প্লাণ্ট’ৰ কোনো সন্ধান পোৱা নাছিল ভাৰতীয় গৱেষকসকলে৷ শেহতীয়াকৈ এই উদ্ভিদ পুনৰ আৱিষ্কাৰৰ সবিশেষ তথ্য প্রকাশ পাইছে কাৰেণ্ট ছায়েন্স নামৰ জার্নালখনত৷ এই জার্নালখনত অৰুণাচল প্রদেশৰ বিজ্ঞানী কৃষ্ণা চৌলুৱে উদ্ভিদবিধৰ পুনৰ আৱিষ্কাৰৰ সবিশেষ তথ্য এক প্রতিবেদন আকাৰে লিখাৰ পাছতে বিষয়টোক লৈ চর্চা চলিছে৷ স্মর্তব্য যে বি এছ আইৰ এগৰাকী বিজ্ঞানী হিচাপে উদ্ভিদ বিদ্যাৰ গৱেষণাত দীর্ঘদিন ধৰি নিয়োজিত হৈ আছে কৃষ্ণা৷ কাৰেণ্ট ছায়েন্স জার্নালত প্রকাশ পোৱা অনুসৰি এই উদ্ভিদবিধৰ বৈজ্ঞানিক নামৰ সৈতে জড়িত হৈ আছে গ্রীক নাম৷ ইয়াৰ সৰলীকৃত ইংৰাজী হৈছে ‘ফ্লাৱাৰ’৷ মূলতঃ ৰঙা ৰঙৰ এই উদ্ভিদবিধৰ আছে বিভিন্ন বৈশিষ্ট্য৷ ৰঙা টিউব আকৃতিৰ এই উদ্ভিদবিধক সেই বাবে বিজ্ঞানীসকলে ‘লিপষ্টিক প্লাণ্ট’ বুলি অভিহিত কৰিছিল৷

স্মর্তব্য যে ২০২১ চনত অৰুণাচলৰ বিভিন্ন স্থানৰ পৰা কেইবাবিধ দুষ্প্রাপ্য প্রজাতিৰ উদ্ভিদ সংগ্রহ কৰিছিল বিজ্ঞানী কৃষ্ণাই৷ দীর্ঘদিনীয়া গৱেষণাৰ পাছত এই বিৰল উদ্ভিদ ১৯১২ চনত ব্রিটিছ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা ‘লিপষ্টিক প্লাণ্ট’ বুলি নিশ্চিত কৰিছে বিজ্ঞানী কৃষ্ণা চৌলুৱে৷ চিৰসেউজ গভীৰ অৰণ্যতহে এই উদ্ভিদবিধৰ সন্ধান পোৱা বুলি দাবী কৰিছে অৰুণাচলৰ উদ্ভিদ বিজ্ঞানী কৃষ্ণাই৷ অর্থাৎ অতি দুর্গম আৰু গভীৰ অৰণ্যত ইয়াৰ অস্তিত্ব আজিও বর্তমান যদিও ব্রিটিছ গৱেষকসকলৰ পাছত এই উদ্ভিদবিধৰ ওচৰ চাপিব পৰা নাছিল কোনো ভাৰতীয় বিজ্ঞানী৷

You might also like