নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰিয়াখানাত বাঘিনীৰ আক্ৰমণত কৰ্মচাৰীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৯ মেঃ ইটানগৰ চিৰিয়াখানাত অঘটন। মঙলবাৰে চিৰিয়াখানাখনত এজন ৩৫ বছৰীয়া কৰ্মচাৰীক আক্ৰমণ কৰে এজনী ৰয়েল বেংগল বাঘিনীয়ে। যাৰ পাছত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱতি লয় কৰ্মচাৰীজনে।

মৃত কৰ্মচাৰীজন অসমৰ লখিমপুৰ জিলাৰ ঢেকিয়াজুলিৰ বাসিন্দা পৌলাশ কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে।

মৃত কৰ্মচাৰীজন

 চিৰিয়াখানাখনৰ কিউৰেটৰ ৰায়া ফ্লেগোৱে কয় যে ঘটনাটো মঙলবাৰে দুপৰীয়া ২:৩০ বজাত সংঘটিত হৈছিল। দুপৰীয়া চিৰিয়াখানাৰ পৰিচাৰকজনে পুখুৰীৰ পানী পৰিষ্কাৰ কৰিবলৈ বাঘিনীৰ পিঞ্জৰাত প্ৰৱেশ কৰাৰ সময়তে এই ঘটনাটো ঘটিছিল।

“পিঞ্জৰাটোলৈ যোৱা তিনিখন গেট আছে, আৰু সেই সকলোবোৰ খোলা ৰখা হৈছিল। আমি ধৰি লৈছো যে ইয়াৰ ফলতে বাঘিনীয়ে পৰিচাৰকজনক আক্ৰমণ কৰিছিল।” ফ্লেগোৱে লগতে কয় যে ঘটনাটোক লৈ আৰক্ষীৰ তদন্ত আৰম্ভ কৰা হৈছে।

এছডিপিঅ’ কামদাম চিকমে কয় যে ঘটনাটোৰ সন্দৰ্ভত ইটানগৰ আৰক্ষী থানাত অপ্ৰাকৃতিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে আৰু মৃতদেহটো আৰ কে মিছন চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

You might also like