নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত জগন্নাথৰ ৰথযাত্ৰা সহস্ৰাধিক ভক্তই টানিলে ৰথ

নিয়মীয়া বাৰ্তা, ২০ জুন : ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে শ্ৰীশ্ৰীজগন্নাথ প্ৰভুৰ ৰথযাত্ৰা বিগত বছৰৰ দৰে এই বছৰেও কামৰূপ জিলাৰ বকোত আজি উদযাপন কৰা হয়। বকোৰ দক্ষিণ বৰপাৰাত থকা শ্ৰীশ্ৰীতাৰকব্ৰহ্ম হৰিনাম মহাযজ্ঞ প্ৰাঙ্গনত ১৯ আৰু ২০ জুনত…

মঙলদৈত নোৱা নদীৰ বান ক্ষতিগ্ৰস্ত মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

বিশেষ বাৰ্তা, ২০ জুন : মন্ত্ৰী পীযুষ হাজৰীকাই আজি দৰং জিলাৰ কমাৰপাৰা অঞ্চল ভ্ৰমণ কৰি অঞ্চলটোত শেহতীয়াকৈ নোৱা নদীৰ বাঢ়নী পানীয়ে চিঙা জিলা গ্ৰামীণ বিকাশ সংস্থা (DRDA)ই নিৰ্মাণ কৰা এটা মথাউৰিৰ বৰ্তমান পৰিস্থিতিৰ বুজ লয়। উল্লেখ্য যে দুদিন…

চৰকাৰৰ পদক্ষেপৰ শলাগ : ভূৰাগাঁৱত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কংগ্ৰেছ নেতৃত্বৰ

নিয়মীয়া বাৰ্তা, ২০ জুন : মৰিগাঁৱৰ ভূৰাগাঁৱৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু উপ দলপতি ৰকিবুল হুছেইনসহ কংগ্ৰেছ নেতৃত্বৰ। আজি দুয়োগৰাকী নেতাসহ কংগ্ৰেছৰ নেতৃত্বই ভূৰাগাঁৱৰ কুপতিমাৰী আৰু বালিডোংগাত অব্যাহত থকা…

ধলাগাঁৱত ভাগিল কালভাৰ্ট : সংযোগ বিচ্ছিন্ন বঙাইগাঁও-বইটামাৰীৰ

নিয়মীয়া বাৰ্তা, ২০ জুন : নেৰানেপেৰা বৰষুণৰ বাবে বঙাইগাঁও-শালবাৰী লোকনিৰ্মান পথৰ এটা কালভাৰ্ট ভাগি যোৱাৰ ফলত বঙাইগাঁও চহৰৰ লগত বৃহত্তৰ বইটামাৰী অঞ্চলৰ দুদিন ধৰি যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। চহৰখনৰ লগত অঞ্চলটোৰ যাতায়তৰ প্ৰধান পথটোৰ ধলাগাঁওত…

কেন্দ্ৰীয় বিদ্যালয় খানাপাৰাত ফটো প্ৰদৰ্শনীৰ আয়োজন চিবিচি গুৱাহাটীৰ

নিয়মীয়া বাৰ্তা, ২০ জুন: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ পূৰ্বে  ‘কেন্দ্ৰীয় যোগাযোগ ব্যুৰো’(চিবিচি)ৰ ‘গুৱাহাটী আঞ্চলিক কাৰ্যালয়’য়ে আজিৰে পৰা খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ত তিনিদিনীয়া ফটো প্ৰদৰ্শনী আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। এই…

বাৰিষাৰ খেতিপথাৰ এৰি ঢকুৱাখনাত পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ 

নিয়মীয়া বাৰ্তা, ২০ জুন : ভৰ বাৰিষা পথাৰৰ বিপৰীতে ঢকুৱাখনা সমষ্টিৰ এখন গাঁৱৰ ৰাইজে ভূঁই ৰুব লগা হৈছে বোকাময় ৰাজপথত৷শাওনৰ পথাৰত নহয় এটা বোকাময় ৰাজপথত ভূঁই ৰুই ব্যতিক্ৰমী প্ৰতিবাদত নামিল ঢকুৱাখনা সমষ্টিৰ মাতমৰা পঞ্চায়তৰ এখন গাঁওৰ ৰাইজ।যাতায়াতৰ…

বকোত সুন্দৰৰ পূজাৰীক স্মৰণ 

নিয়মীয়া বাৰ্তা, ২০ জুনঃ আজি সুন্দৰৰ পূজাৰী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৪ সংখ্যক মৃত্যু তিথি। কামৰূপ জিলাৰ বকোত ভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত পালন কৰা হয়  বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰাভা দিৱস। প্ৰবাদ প্ৰতিম বিশ্ব বৰেণ্য শিল্পী…

নগৰবেৰাত পানীত ডুবি শিশুৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা, ২০ জুনঃ নগৰবেৰাৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মালিবাৰী সত্ৰ বৰবাহা গাঁৱত অঘটন। বিদ্যালয় অভিমুখী পথত বানত ডুবি সলিল সমাধি চাৰি বছৰীয়া শিশুৰ। জানিব পৰা মতে প্ৰতিকূল বতৰৰ মাজতেই নাৱত উঠি আজি পুৱা বিদ্যালয় অভিমুখে যাব খোজোতেই…

যোৰহাট সাহিত্য সভাৰ উদ্য়োগত বিষ্ণু ৰাভা দিৱস পালন

নিয়মীয়া বাৰ্তা, ২০ জুন : যোৰহাট সাহিত্য সভাৰ উদ্যোগত আশীর্বাদ শৈক্ষিক ন্যাস আৰু ১৩৩ নং বঙালপুখুৰী আদর্শ প্রাথমিক বিদ্যালয়ৰ সহযোগত আজি বিদ্যালয় প্রাংগণত বিষ্ণু ৰাভা দিৱস পালন কৰা হয় । এই উপলক্ষে পুৱা বিষ্ণু ৰাভাৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি…

বিষ্ণু ৰাভা দিৱসত খৈৰাবাৰীত পাঁচখন গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ২০ জুন: বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৪সংখ্যক স্মৃতি দিৱসত আজি খৈৰাবাৰীত দুগৰাকী বিশিষ্ট লেখকৰ পাঁচ খনকৈ মূল্যৱান গ্ৰন্থ উন্মোচন কৰা হয়। শংকৰদেৱ শিশু নিকেতন, খৈৰাবাৰীৰ প্ৰেক্ষাগৃহত খৈৰাবাৰী সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত মুকলি সভাত…