নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া চিনেমাৰ অৱস্থা

যোৱা ডিচেম্বৰ মাহৰ পৰাই অসমীয়া চিনেমাৰ মন্দাৱস্থা চলিবলৈ আৰম্ভ কৰিছিল৷ ‘কা’বিৰোধী আন্দোলনৰ বাবেই অসমীয়া ছবিৰ দর্শক চিত্রগৃহলৈ আহিবলৈ বাদ দিছিল বুলি ধাৰণা কৰা হৈছিল আৰু সেই ধাৰণাক স্পষ্ট কৰি দিছিল সেই সময়ত চলি থকা ‘প্রতিঘাত’ নামৰ অসমীয়া ছবি…

নাছাৰ গণিতৰ কিংবদন্তি কেথেৰিন জনছনৰ জীৱনাৱসান

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ বিশিষ্ট গণিতজ্ঞ তথা প্রাক্তন মার্কিন ৰাষ্ট্রপতি বাৰাক অ’বামাৰ পৰা প্রেছিডেঞ্চিয়েল মেডেল অৱ ফ্রীডম লাভ কৰিবলৈ সক্ষম হোৱা মহিলা কেথেৰিন জনছনৰ দেহাৱসান ঘটিছে৷ গণিতজ্ঞ হিচাপে…

সৌন্দর্য প্রতিযোগিতাত জিলিকি উঠা মালেশ্যাক ওৰাঙত সম্বর্ধনা

নিয়মীয়া বার্তা ২৬ ফেব্রুৱাৰীঃ মিছ ইণ্ডিয়া ২০২০ৰ সৌন্দর্য প্রতিযোগিতাত শীর্ষ দহৰ অষ্টম স্থানত জিলিকি উঠিল ওদালগুৰি জিলাৰ মাজবাটৰ মালেশ্যা কাশ্যপ৷ ‘মিছ নর্থ ইষ্ট দিবা ২০১৯–২০’ৰ চূড়ান্ত বিজয়ী অসম কন্যাগৰাকীয়ে পোনপতীয়া অংশগ্রহণকাৰী ৰূপে…

ক’ৰোনাৰ প্রতিৰোধৰ বাবে সষ্টম পৃথিৱী

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ বিশ্ব স্বাস্থ্য সংস্থা(হু)ই কালি মাৰাত্মক ক’ৰোনা ভাইৰাছে সমগ্র পৃথিৱীত যাতে মহামাৰীৰ ৰূপ ধাৰণ কৰিব নোৱাৰে সেই বিষয়টোৰ ওপৰত সকলো দেশকে গুৰুত্ব প্রদান কৰি যাৱতীয় ব্যৱস্থা গ্রহণৰ আহ্বান জনোৱাৰ পিছতে কেইবাখনো দেশে…

স্বোৱাইন ফ্লুত আক্রান্ত উচ্চতম ন্যায়ালয়ৰ ৬ গৰাকী বিচাৰপতি

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ দেশত স্বোৱাইন ফ্লুৱে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ ৬গৰাকীকৈ বিচাৰপতি স্বোৱাইন ফ্লুৰ ভাইৰাছ এইচ১এন১ৰ দ্বাৰা আক্রান্ত হোৱাৰ ফলত ন্যায়ালয়খনৰ বহু গোচৰৰ বিচাৰ প্রক্রিয়াত আহি পৰিছে বিলম্ব৷ ইফালে,…

থুনবার্গৰ বিৰুদ্ধে আমেৰিকাই সাজু কৰিছে নাওমিক

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ জলবায়ু পৰিৱর্তন সন্দর্ভত বিশ্বজুৰি সজাগতা সৃষ্টি কৰা ছুইডেনৰ সপ্তদশী ছাত্রী গ্রেটা থুনবার্গৰ আন্দোলনক প্রত্যাহ্বান জনাবলৈ জলবায়ু পৰিৱর্তনৰ বিষয়টোক অস্বীকাৰ কৰি অহা বিভিন্ন সংগঠনে সাজু কৰিছে জার্মানীৰ ১৯ বছৰীয়া…

বৰাগাঁৱত বৃদ্ধ নিৱাস মুকলি

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ কেইগৰাকীমান সমাজকর্মী তথা সুহূদয়ৱান লোকৰ প্রচেষ্টাত মহানগৰীৰ পশ্চিম বৰাগাঁৱত নির্মাণ কৰা অসম বৃদ্ধ নিৱাস যোৱা ২৩ ফেব্রুৱাৰীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ এই উপলক্ষে বৃদ্ধ নিৱাসত অনুষ্ঠিত এক গম্ভীর্যপূর্ণ…

বিশ্বৰ ভিতৰতে বায়ু প্রদূষণৰ হাৰ বেছি ভাৰতৰ মহানগৰত

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ বিশ্বৰ আটাইতকৈ বেছি প্রদূষিত মহানগৰ আছে ভাৰতত৷ ২০১৯ৰ ৱ’ল্ড এয়াৰ কোৱালিটী প্রতিবেদনত প্রকাশ পাইছে এই তথ্য৷ বায়ু প্রদূষণৰ বিৰুদ্ধে মোদী চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিব বুলি ঘোষণা কৰিছিল যদিও দেশৰ ৰাজধানী নতুন…

ড্র খেলি ছিজন সামৰিলে নর্থ–ইষ্টে

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ড্র খেলি ষষ্ঠ হিৰো ইণ্ডিয়ান ছুপাৰ লীগত অভিযান সামৰিলে নর্থ–ইষ্ট ইউনাইটেড এফ চিয়ে৷ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত মঙলবাৰে অনুষ্ঠিত হয় আই এছ এলৰ অন্তিমখন লীগ মেচ৷ নিৰস মেচখনত…

ট্রেন্সফর্মাৰত বিদ্যুৎস্পৃষ্ট হৈ স্বাস্থ্য বিভাগৰ কর্মচাৰীৰ মৃত্যু

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদত বৈদ্যুতিক ট্রেন্সফর্মাৰত লাগি থকা অৱস্থাত মঙলবাৰে পুৱা এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সমগ্র অঞ্চলত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ মৃত লোকজন পাঞ্জাবাৰীৰ নৱজ্যোতি…